Daily Time Axom

“শ্বীনা বৰা জীয়াই আছে এতিয়াও, বসবাস কৰি আছে কাশ্মীৰত”- চিবিআইৰ ওচৰত দাবী মাতৃ ইন্দ্ৰাণীৰ

0 12

দেশ কঁপোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ কথা আপোনাৰ মনত আছেনে ? মনত আছেনে দেশৰ অপৰাধ ইতিহাসৰ আটাইতকৈ পাষাণ মাতৃ ৰূপে পৰিচিত ইন্দ্ৰাণী মুখাৰ্জীৰ কথা?

২০১২ চনৰ শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত নতুন চাঞ্চল্যকৰ তথ্য দিছে ইন্দ্ৰাণী মুখাৰ্জীয়ে । তেওঁৰ ছোৱালীজনী হেনো এতিয়াও জীয়াই আছে। হত্যাকাণ্ডটোৰ মূল অভিযুক্ত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআইলৈ এক বিস্ফোৰক পত্ৰ প্ৰেৰণ কৰিছে। ইন্দ্ৰাণীয়ে অভিযোগ কৰিছে যে যাৰ হত্যাৰ বাবে তেওঁ কাৰাগাৰত আছে তাই প্ৰকৃততে জীয়াই আছে। আৰু এতিয়া তেওঁ কাশ্মীৰৰ তাবিয়াত বাস কৰি আছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআই সঞ্চালকলৈ এখন পত্ৰ লিখি দাবী কৰিছে যে তেওঁ কেইদিনমান আগতে কাৰাগাৰত এগৰাকী মহিলাক লগ পাইছিল। মহিলাগৰাকীয়ে তেওঁক কৈছিল যে তেওঁ কাশ্মীৰত শ্বীনা বৰাক দেখিছিল। গতিকে ইন্দ্ৰাণীয়ে চিবিআইক কাশ্মীৰলৈ যাবলৈ আৰু শ্বীনাক বিচাৰি উলিয়াবলৈ অনুৰোধ কৰিছে। ইন্দ্ৰাণীয়ে চিবিআইৰ লৈ লিখা চিঠিখনত দাবী কৰিছে যে শ্বীনা বৰা জীয়াই আছে।

যদি ইন্দ্ৰাণী মুখাৰ্জীৰ দাবীত কোনো সত্যতা থাকে, শ্বীনা বৰা হত্যাকাণ্ড ভাৰতৰ ইতিহাসৰ আটাইতকৈ চাঞ্চল্যকৰ আৰু ৰহস্যজনক ঘটনাবোৰৰ ভিতৰত এটা হৈ থাকিব।

২০১২ চনত, শ্বীনা বৰা হত্যাৰ ঘটনাত সমগ্ৰ দেশে সমবেদনা জনাইছিল। সেই বছৰৰ ২৪ এপ্ৰিলত ২৫ বছৰীয়া যুৱতীগৰাকীক এখন গাড়ীত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। শ্বীনা বৰা ইন্দ্ৰাণী মুখাৰ্জী আৰু তেওঁৰ সংগী সিদ্ধাৰ্থ দাসৰ জীয়ৰী আছিল। প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যাম ৰায়ৰ সহায়ত ইন্দ্ৰাণীয়ে মুম্বাইৰ পৰা অলপ দূৰত থকা ৰায়গড়ৰ নিৰ্জন অৰণ্যত শ্বীনাৰ মৃতদেহ জ্বলাই দিয়ে আৰু মাটিত পুতি থয়।

ইন্দ্ৰাণীয়ে ২০০২ চনত সঞ্জীৱৰ সৈতে বিচ্ছেদৰ পিছত পিটাৰ মুখাৰ্জীক বিয়া কৰাইছিল। ইন্দ্ৰাণীয়ে প্ৰথমে তেওঁৰ ছোৱালীক পিটাৰৰ (পিটাৰ মুখাৰ্জী) সৈতে ভগ্নী হিচাপে পৰিচয় কৰাই দিছিল। ২০১৫ চনত ইন্দ্ৰাণীৰ চালক শ্যাম ৰায়ক এটা বেলেগ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত শ্বীনাৰ হত্যাকাণ্ড পোহৰলৈ আহিছিল। ইন্দ্ৰাণীৰ উপৰিও শ্বীনা বৰা হত্যাকাণ্ডৰ আন দুজন অভিযুক্ত হৈছে ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যাম ৰায়। চিবিআইয়ে দাবী কৰিছিল যে পিটাৰ আৰু ইন্দ্ৰাণীয়ে শ্বীনা আৰু পিটাৰৰ পূৰ্বৰ পত্নীৰ পুত্ৰ ৰাহুলৰ মাজৰ হোৱা সম্পৰ্কক গ্ৰহণ কৰিব পৰা নাছিল। সেইকাৰণে ইন্দ্ৰাণীয়ে শ্বীনাক হত্যা কৰিছিল। যদিও ইন্দ্ৰাণীয়ে এতিয়া পুনৰ দাবী কৰিছে যে তেওঁৰ ছোৱালী এতিয়াও জীয়াই আছে। নিজে ৰক্ষা পৰিবলৈ পুনৰ এক মিছাৰ আশ্ৰয় লৈছে নে সঁচা কৈছে সেয়া সময়েহে ক’ব ৷

Leave A Reply

Your email address will not be published.