Daily Time Axom

দক্ষিণ কোৰিয়াৰ গান শুনিলে, হাঁহিলেও মৃত্যুদণ্ড উত্তৰ কোৰিয়াত

0 8

কেতিয়াবা হিংসাত্মক কুকুৰৰ মুখত পেলাই নিজৰ খুৰাকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেতিয়াবা তেওঁ দেশৰ সেনা প্ৰধানক “কিডনেপ” কৰিছিল বুলি অভিযোগ কৰা হৈছিল। এইবাৰ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ বিৰুদ্ধে ‘কে পপ’ (দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় পপ গান) শুনা “অপৰাধ”ৰ বাবে সাতজন লোকক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

এক আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠনে এক প্ৰতিবেদনত দাবী কৰিছে যে কিমে ২০১২ ৰ পৰা ২০১৪ চনৰ ভিতৰত দক্ষিণ কোৰিয়াত নিৰ্মিত ‘কে পপ’ শুনিবলৈ আৰু আনৰ সৈতে বিনিময় কৰাৰ বাবে কমেও সাতজন লোকক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিছিল। ইয়াৰে ছয়টা ঘটনা হেচান প্ৰদেশত সংঘটিত হৈছিল। কেৱল সেয়াই নহয়, সেই সময়ত কিমৰ নিৰ্দেশত নিকট আত্মীয়সকলে তেওঁলোকৰ প্ৰিয়জনৰ মৃত্যুদণ্ড চাবলৈ বাধ্য হৈছিল। সংগঠনটোৱে ২০১৫ চনৰ পৰা কমেও ৬৮৩ জন কিম আৰু উত্তৰ কোৰিয়া বিৰোধীলোকৰ সৈতে কথা পাতিছে। জানিব পৰা গৈছে যে কিম প্ৰথম পাঁচ বছৰ শাসনত থকা সময়ত বিভিন্ন কাৰণত ৩৪০ জন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। তালিকাখনত কিমৰ খুৰাক জাং চং থেকো অন্তৰ্ভুক্ত আছে।

আনহাতে পিতৃ কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে কিম চৰকাৰে এক নতুন ফতোৱা জাৰি কৰিছে। ৰেডিঅ’ ফ্ৰী এছিয়াৰ মতে সেয়া হ’ল, সুৰাপান একেৰাহে ১১ দিন নহ’ব। কোনেও হাঁহিব নোৱাৰিব। হাঁহিলেও মৃত্যুদণ্ড উত্তৰ কোৰিয়াত ৷ মুঠতে দেশবাসীৰ চকুত সুখৰ কোনো আভাস নাথাকিব দিয়ক।

Leave A Reply

Your email address will not be published.