চৰাইদেউ বৰহাট ভূঞাখাট পথৰ দুৰৱস্থা, এজাক কিনকিনীয়া বৰষুণতে পানীৰে ভৰি পৰে পথ ৷
ঐতিহাসিক চৰাইদেউ জিলাৰ এটা অতি ব্যস্ত নতুবা মূল পথটোৱেই হৈছে ঐতিহাসিক ধোদৰ আলি সংযোগী বৰহাট ভূঞাখাট পথ । এজাক কিণকিণীয়া বৰষুণতে পানীৰে ভৰি পৰে গড়কাপ্তানি পথটো । গড়কাপ্তানি বিভাগৰ চুড়ান্ত গাফিলতিত দিনক দিনে শোচনীয় ৰূপলৈ পতিত হৈছে বৰহাটৰ মাজমজিয়া তথা অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপত অৱস্থিত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে । যাৰ ফলশ্ৰুতিত দৈনিক পথাচাৰীয়ে জীয়াতু ভোগিছে । তাৰেই এক জ্বলন্ত উদাহৰণ হৈছে এখন ডাম্পাৰ মূল পথটোত কিদৰে পুখুৰী সদৃশ দ গাঁতত আৱদ্ধ হৈ পৰিছে । বিভাগীয় কৰ্তৃপক্ষ্যক বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে কাকূতি মিনতি কৰাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ । অচিৰেই ৰাইজে পথছোৱা মেৰামতি কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।