আজিও আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই প্ৰৱঞ্চক মৃদুপৱন নেওগৰ
শুকুৰবাৰে উচ্চ ন্যায়ালয়ত শুকুৰবাৰে শুনানি সম্পন্ন নহ’ল নামজ্বলা প্ৰৱঞ্চক মৃদুপৱন নেওগৰ জামিন আবেদন। দীৰ্ঘদিনে পলাতক হৈ আছে এই কুখ্যাত মৃদুপৱন নেওগ। নগাঁৱত প্ৰৱঞ্চনাৰ অভিযোগত গোচৰ আছে ঠগজনৰ বিৰুদ্ধে। নগাঁৱৰ এই গোচৰটোৰ তদন্ত কৰোতে পোহৰলৈ আহিছিল প্ৰৱঞ্চকজনৰ ঠগ-প্ৰৱঞ্চনাৰ বহু ক’লা অধ্যায় ৷
ন্যায়ালয়ে পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰিব ২৩ ডিচেম্বৰত।
এতিয়াও আৰক্ষীয়ে সন্ধান উলিয়াব নাই মৃদুপৱন নেওগৰ। কি ৰহস্যজনক কাৰণত এইজন প্ৰৱঞ্চকক সাধাৰণতে সক্কিয় বুলি চৰ্চাত থকা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই লৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷