দেশৰ ১১ ৰাজ্যত ওমিক্ৰনৰ প্ৰভাৱ ৷ কোন ৰাজ্যত কিমান আক্ৰান্ত ?”
ভাৰতত শুক্ৰবাৰে ওমিক্ৰন সংক্ৰমণৰ ২৪ টা নতুন ঘটনা সৰ্বাধিক এক দিনতে ঘটিছে, যাৰ ফলত সামগ্ৰিক ওমিক্ৰন আক্ৰান্তৰ সংখ্যা ১১১ হৈছে।
মুঠ ১১ খন ৰাজ্যত ওমিক্ৰনৰ সংক্ৰমণ দেখা গৈছে। য’ত মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত আছে। মহাৰাষ্ট্ৰত ওমিক্ৰনৰ ৪০ টা ঘটনা ধৰা পৰিছে ৷ তাৰ পিছত আছে দিল্লী (২২ ), ৰাজস্থান (১৭ ), কৰ্ণাটক (৮), তেলেংগানা (৭), গুজৰাট (৫), কেৰালা (৭), অন্ধ্ৰ প্ৰদেশ (১), চণ্ডিগড় (১), তামিলনাডু (১) আৰু পশ্চিম বংগ (১)।