অচিৰেই অমিক্ৰণে দেশলৈ আনিব ক’ভিডৰ তৃতীয় ঢৌ ৷ সংখ্যা বাঢ়িব যদিও হ’ব কম প্ৰভাৱশালী ৷

পৃথিৱীৰ অধিকাংশ দেশত ক’ভিডৰ নতুন সংস্কৰণ অমিক্ৰন বিয়পি পৰিছে ৷ আশংকা কৰা হৈছিল ভাৰততো ইযাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিব ৷ শীঘ্ৰেই আহি আছে সেই দিন ৷

শংকা কৰাৰ দৰেই অচিৰেই ভাৰত অমিক্ৰনৰ দ্ৰুত সংক্ৰমণেৰে ক’ভিডৰ তৃতীয় ঢৌৰ সন্মুখীন হ’ব ৷ অৱশ্যে ক’ভিডৰ এই তৃতীয় ঢৌ শেহতীয়া দ্বিতীয়টো ঢৌতকৈ কিছু মৃদু হ’ব ৷ এই মন্তব্য কৰিছে দেশৰ ক’ভিড -১৯ ছুপাৰ মডেল কমিতিৰ অধ্যক্ষই বিদ্যসাগৰে ৷

২০২১ৰ একেবাৰে প্ৰথম সপ্তাহতে অমিক্ৰনে তৃতীয় ঢৌ আৰম্ভ হ’ব ৷ দেশত ইতিমধ্যে এক বৃহৎ জনসংখ্যাৰ মাজত ক’ভিডৰ বিৰুদ্ধে ইমিউনিটি লাভ হোৱাৰ বাবে দ্বিতীয়টো ৱেভতকৈ কম শক্তিশালী হ’ব অমিক্ৰন ৷

দেশৰ ক’ভিড -১৯ ছুপাৰ মডেল কমিতিৰ অধ্যক্ষই বিদ্যসাগৰে স্পষ্টকৈ কৈছে, দেশত ক’ভিডৰ তৃতীয় ঢৌ অৱশ্যাম্ভাৱী ৷ লগতে তেঁও উল্লেখ কৰিছে, এতিয়া দেশত দৈনিক ৭৫০০ জন লোক সংক্ৰমণ ঘটি আছে যদিও অমিক্ৰনে ডেল্টা ভেৰিয়েন্টৰ স্থান লোৱাৰ লগে লগে এই সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ৷ তৃতীয় ঢৌত দ্বিতীয় ঢৌতকৈ আক্ৰান্তৰ সংখ্যা বহু বেছি বৃদ্ধি পাব ৷

Comments (0)
Add Comment