গৰুখুটিত চৰকাৰী প্ৰকল্পৰ পৰ্যবক্ষণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দেওবাৰে বন আৰু মীন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ছিপাঝাৰৰ গৰুখুটি অঞ্চল পৰ্যবেক্ষণ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প হাতত লোৱাৰ পোষকতা কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী শুক্লবৈদ্যই গৰুখুটি অঞ্চলত বনাঞ্চল আৰু মীনপালন ক্ষেত্ৰ বিষয়ক বিভিন্ন প্ৰকল্প ৰূপায়নৰ বাবে প্ৰাৰম্ভিক পৰ্যবেক্ষণ কৰে। শুক্লবৈদ্যই বন বিষয়াসকলৰ ড্ৰোনৰ জৰিয়তে প্ৰকল্প অঞ্চলটোৰ এক সমীক্ষা চলাই স্থানীয় ৰাইজক উপকৃত কৰিবলৈ সকলো দিশ সামৰি এক উপযুক্ত পৰিকল্পনা তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে। অঞ্চলটোত প্ৰকল্প ৰূপায়নৰ বাবে সকলো কাৰিকৰী দিশ সামৰি কৰিবলগীয়া ড্ৰোণ-সমীক্ষাৰো তেখেতে শুভাৰম্ভণি কৰে। অতি শীঘ্ৰেই বন বিভাগে এই প্ৰকল্প স্থানৰ বিস্তৃত মেপিং জমা কৰিব।
তেওঁ লগতে বন বিষয়াসকলক ঔষধীয় উদ্ভিদৰে সমৃদ্ধ এখন জৈৱ-বৈচিত্ৰ উদ্যান স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচনৰ কৰিবলৈও নিৰ্দেশ দিয়ে।
মন্ত্ৰী শুক্লবৈদ্যই মীন বিভাগৰ বিষয়াসকলকো জিলা প্ৰশাসনৰ সৈতে আলোচনাত বহি অঞ্চলৰ তুলনামূলকভাৱে নিম্ন ঠাইসমূহত পোনা পালন আৰু পুখুৰী নিৰ্মাণৰ প্ৰকল্পৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে স্থানীয় ৰাইজে গুজৰাটৰ পৰা অনা গীৰ গাইসমূহ লালন-পালন কৰি থকা অঞ্চলসমুহ পৰিভ্ৰমণ কৰে।