আজিৰ পৰা আৰম্ভ হ’ল বিধানসভাৰ শীতকালীন অধিৱেশন ৷ অলেখ ইছ্যুৰ মাজত নিঃস্পন্দন বিৰোধী, উৎসাহী শাসকীয় পক্ষ ৷ প্ৰথমবাৰৰ বাবে কাগজবিহীন অধিৱেশন ৷
আজিৰেপৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ পুৱা ৯.৩০ বজাৰ পৰা অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ অধ্যক্ষতাত আৰম্ভ হয় শীতকালীন অধিৱেশন৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া এই শীতকালীন অধিৱেশনৰ ২৪ ডিচেম্বৰত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ঔম বিৰলা ৷
শীতকালীন অধিৱেশনত মুঠ ১৬খন বিধেয়ক উত্থাপন হোৱাৰ কথা ৷ ইতিমধ্যে ১৬খন বিধেয়কৰ ১৫খন বিধেয়ক/সংশোধনী বিধেয়ক বিধানসভা কৰ্তৃপক্ষৰ হাতত চৰকাৰৰ তৰফৰপৰা আহি পৰিছে ৷ ইয়াৰ ভিতৰত গো-সুৰক্ষা আইনৰ সংশোধনী বিধেয়ক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰসংগত এখন নতুন বিধেয়ক উত্থাপন হ’বলগীয়া অন্যতম বিধেয়ক ৷
গো সুৰক্ষা আইনৰ সংশোধনী বিধেয়ক প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্তব্য প্ৰকিশ কৰিছে যে, “ চৰকাৰৰ তৰফৰ পৰা ৰাজ্যত চিৰদিনৰ কাৰণে গৰুৰ চিণ্ডিকেট বন্ধ কৰিবলৈ পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰিছে ৷ এই উদ্দেশ্যেৰেই বিধানসভাত গো আইনৰ সংশোধনী অনা হৈছে ৷“ গো আইনৰ সংশোধনী গৃহীত হোৱাৰ পিছত চোৰাং গৰু কঢ়িওৱা বাহন নীলামত বিক্ৰী কৰি দিব পাৰিব চৰকাৰে ৷
আনহাতে শীতকালীন এই অধিৱেশনৰ সময়ত বিৰোধীৰ হাতত আছে বহু গুৰুত্বপূৰ্ণ বিষয় ৷ যিবোৰ বিষয় লৈ বিধানসভাত চৰকাৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সুযোগ আছে বিৰোধীৰ হাতত ৷ বিভিন্ন কেলেংকাৰী, আইন শৃংখলা, চবুৰীয়া ৰাজ্যৰে সীমা বিবাদ, মুল্য বৃদ্ধি, চিণ্ডিকেট, কাগজ কল , খহনীয়া, উচ্ছেদ আদি বহু বিষয় আছে সততে অধিৱেশনৰ সময়ছোৱাৰ বাদে আন সময়ত নিশ্চুপ-নিঃস্পন্দন হৈ থকা বিৰোধীৰ হাতত ৷
মন কৰিবলগীয়া যে, অসম বিধানসভাৰ মজিয়াত পোন প্ৰথম বাৰৰ বাবে সম্পূৰ্ণ ডিজিটেলভাৱে এইবাৰ অধিৱেশন অনুষ্ঠিত হৈছে ৷ কাগজবিহীনভাৱে অধিৱেশন সম্পন্ন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে । আনহাতে বিধানসভাত সদ্যহতে অনুষ্ঠিত হৈ আহিছে অধ্যক্ষৰ উদ্যোগত এক বিশেষ আলোচলা । । এইবাৰ শুকুৰবাৰে অধ্যক্ষৰ উদ্যোগত অনুষ্ঠিত হ’ব নতুন শিক্ষা নীতিৰ বিষয়ে আলোচনা ৷