দেওবাৰে বিশিষ্ট কবি জীৱন নৰহলৈ আগবঢ়োৱা হয় ২০২০-২১ বৰ্ষৰ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা ৷ সাহিত্যিক-শিক্ষাবিদ সন্তোষ কুমাৰ কৰ্মকাৰৰ পৰিয়ালবৰ্গৰ সহযোগ আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত প্ৰথম বছৰৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল কবি জীৱন নৰহক ৷
সাহিত্যিক শিক্ষাবিদ সন্তোষ কুমাৰ কৰ্মকাৰৰ সোঁৱৰণত আৰম্ভ কৰা এই বঁটা দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট কবি, সক্ৰিয় ৰাজহুৱা কৰ্মী তথা নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ৰ অধ্যাপক জীৱন নৰহক প্ৰদান কৰা হয় ৷ ১৬ খন উপন্যাস লিখা বিশিষ্ট সাহিত্যিক সন্তোষ কুমাৰ কৰ্মকাৰৰ সোঁৱৰণত প্ৰথম বাৰৰ বাবে আৰম্ভ কৰা এই বঁটা জীৱন নৰহলৈ আগবঢ়ায় বিশিষ্ট সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাই ৷ ‘সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণী ৰাজ্যিক’ বঁটা প্ৰদান অনুষ্ঠানত ড. ধ্ৰুৱজ্যোতি বৰাৰ উপৰিও অনুৰাধা শৰ্মা পূজাৰী, ভাস্কৰজ্যোতি মহন্ত, ড.সৌমাৰ জ্যোতি মহন্ত প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷ এই বঁটাত ফুলাম গামোছা, চেলেং চাদৰ, এটি স্মাৰক, মানপত্ৰৰ উপৰিও নগদ ২৫ হাজাৰ টকাৰে বঁটাপ্ৰাপক জীৱন নৰহক সন্মান জনোৱা হয় ৷