শূন্য টকীয়া নোটৰ কথা জানেনে আপুনি ! হাতলৈ অহাৰ আগতে সাৱধান হওক…

শূন্যটকীয়া নোট যে আছে আপুনি নিশ্চয় নাজানে ৷ এনে নোট থাকিলেও কাৰ্যত এনে টকা হাতত নপৰাই ভাল। কাৰণ এই নোট শ্ৰম বা পাৰিশ্ৰমিকৰ বিনিময়ত উপলব্ধ নহয়।

এসময়ত উৎকোচ লোৱাসকলক লাজ দিবলৈ এনে ধৰণৰ শূন্যটকীয়া নোট প্ৰস্তুত কৰা হৈছিল। এই টকাটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নহয়। এইটো দক্ষিণ ভাৰতৰ এটা স্বেচ্ছাসেৱী সংগঠনে উৎকোচ আৰু গ্ৰহণৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল।

প্ৰথম দৃষ্টিত, এইটো এটা পঞ্চাশ টকাৰ নোট যেন লাগিব। ডিজাইন আৰু ৰং একে। কিন্তু এই টকাটোৰ কোনো মূল্য নাই। ইয়াক ‘শূন্য টকাৰ নোট’ বুলি কোৱা হয় অৰ্থাৎ মূল্যহীন টকা। এই টকাটো প্ৰথমবাৰৰ বাবে ২০০৭ চনত ‘পঞ্চম স্তম্ভ’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে মুকলি কৰিছিল। চৰকাৰৰ বিভিন্ন স্তৰত দুৰ্নীতি বা উৎকোচ বন্ধ কৰিবলৈ এনে পদক্ষেপ লৈছিল । সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এই টকাটোৰ প্ৰচাৰ চলাইছিল।

Comments (0)
Add Comment