ৰে’লৰ খুন্দাত যোগীঘোপাত মহিলাৰ মৃত্যু

সোমবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপা ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়।

মহিলাগৰাকীক এলিজা বাউৱা বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকী দুৰ্ঘটনাক্ৰমে ট্ৰেকত বাগৰি পৰাত ঘটনাটো সংঘটিত হয়। স্থানীয় লোকে মহিলাগৰাকীক চিকিৎসালৈ লৈ যাবলৈ চেষ্টা কৰে যদিও, ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।

Comments (0)
Add Comment