Daily Time Axom

কংগ্ৰেছ এৰিবলৈ সাজু আন এজন বিধায়ক। উন্নয়নৰ স্বাৰ্থত সদায় মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ সৈতে থকাৰ ঘোষণা ৰহাৰ বিধায়ক শশীকান্ত দাসৰ

0 7

অসমত বিধ্বস্তপ্ৰায় কংগ্ৰেছত আন এক বৃহৎ আঘাত । কংগ্ৰেছ এৰিবলৈ সাজু হৈছে আন এজন বিধাযক ৷ ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ পিছত কংগ্ৰেছক বিদায় দিবলৈ সাজু হৈছে ৰহাৰ বিধায়ক শশীকান্ত দাস ৷

সোমবাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিশপুৰত সাক্ষাত্‍ কৰি আশীৰ্বাদ বিচাৰে কংগ্ৰেছ বিধায়কজনে ৷ সমষ্টি উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ পক্ষত থিয় দিয়া বুলি দাবী বিধায়ক শশীকান্ত দাসৰ । বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো গামোছা পিন্ধালে শশীকান্ত দাসক ৷

তেঁও কংগ্ৰেছ এৰা নাই এতিয়ালৈ ৷ কিন্তু মুখ্যমন্ত্ৰী আৰু বি জে পি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে সোমবাৰে ক’লে, “মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ সৈতে থাকিম ৷ ৰাজনৈতিক বিষয় পিছত, উন্নয়নৰ স্বাৰ্থত মই সদায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে থাকিম ৷”

এক কথাত উন্নয়নৰ স্বাৰ্থত পুনৰ কংগ্ৰেছ ত্যাগ কৰিব বুলি কৈছে কংগ্ৰেছৰ বিধায়কজনে । কিন্তু সোমবাৰৰ দৃশ্যপটে এটা কথা নিশ্চিত কৰিছে যে অচিৰেই ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে ত্যাগ কৰিব কংগ্ৰেছ।

শশীকান্ত দাসে এতিয়া বিজেপি চৰকাৰৰ লগত থাকি চৰকাৰক সকলো ধৰণে সহায় সহযোগিতা কৰি যাব । বিধায়কজনে এতিয়াই ত্যাগ নকৰে বিধায়ক পদ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰহাৰ বিধায়ক শশীকান্ত দাস আজি পুৱা মোৰ ঘৰলৈ আহিছিল। অসম চৰকাৰৰ সৈতে তেখেতে থাকি কাম কৰি যোৱাৰ কথা কৈছে।
আমি ৰাজনৈতিক বিষয়টো এতিয়াও চিন্তা কৰা নাই।তেখেত চৰকাৰৰ সৈতে থকাৰ চিন্তা কৰিছে। মই আৰু ভৱেশ কলিতাই তেখেতক গামোচা পিন্ধাম।”

Leave A Reply

Your email address will not be published.