দেশত দ্ৰুত গতিত বাঢ়িছে ’ওমিক্ৰন’ৰ সংক্ৰমণ
ভাৰতত দেওবাৰে কোভিড-19ৰ নতুন ভেৰিয়েন্ট ওমিক্রনৰ সংক্ৰমণৰ সংখ্যাই ১৫০ অতিক্ৰম কৰিছে । মহাৰাষ্ট্ৰ, গুজৰাটে আৰু দহটা সংক্ৰমণ ধৰা পৰাৰ পিছত দেশখনৰ ওমিক্ৰন আক্ৰান্তৰ সংখ্যা এতিয়া ১৫৩ লৈ বৃদ্ধি পাইছে।
যদিও মহাৰাষ্ট্ৰত কৰোনা ভাইৰাছৰ অত্যধিক পৰিৱৰ্তিত সংস্কৰণৰ বাবে ছয়জন ব্যক্তিৰ পৰীক্ষা পজিটিভ আছিল, গুজৰাটত চাৰিজন সংক্ৰমিত হোৱা দেখা গৈছিল।
ভাৰতে এতিয়ালৈকে মহাৰাষ্ট্ৰ (৫৪ ), দিল্লী (২২ ), ৰাজস্থান (১৭) আৰু কৰ্ণাটক (১৪ ), তেলেংগানা (২০ ), গুজৰাট (১১), কেৰালা (১১), অন্ধ্ৰ প্ৰদেশ (১), চণ্ডিগড় (১), তামিলনাডু (১) আৰু পশ্চিম বংগ (১) কে ধৰি ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ওমিক্ৰন ৰোগী চিনাক্ত কৰিছে।
দেশৰ প্ৰথম দুটা ঘটনা ২ ডিচেম্বৰত কৰ্ণাটকত ধৰা পৰিছিল। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰত এক প্ৰকাৰ ধ্বংস যজ্ঞ চলাই থকা এই প্ৰকাৰটো এতিয়ালৈকে প্ৰায় ৮৯ খন দেশত ধৰা পৰিছে।