বিশ্বজুৰি এতিয়া বৰদিনৰ উলাহ ৷ কিন্তু বিশ্বৰ কোন কোন দেশত বৰদিন নিষিদ্ধ ৷
এটা ধৰ্মীয় উৎসৱ হিচাপে বিশ্বৰ সকলো দেশতে খ্ৰীষ্টমাছ বা বৰদিন পালন কৰা হয়। মানুহে জাতি আৰু ধৰ্মৰ উৰ্ধত গৈও খ্ৰীষ্টমাছ উদযাপন কৰে। কিন্তু বহুতো দেশ আছে য’ত এই খ্ৰীষ্টমাছ উদযাপনৰ ওপৰত নিষেধাজ্ঞা আছে। তেনে কেইখন মান দেশৰ কথা জানো আহক-
ব্ৰুনেইঃ ২০১৫ চনত ব্ৰুনেইত এক বিবৃতিত কোৱা হৈছিল যে যদি কোনোবাই অবৈধভাৱে খ্ৰীষ্টমাছ উদযাপন কৰে বা শুভেচ্ছা বিনিময় কৰে, তেন্তে তেওঁক পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হ’ব। দেশখনৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে খ্ৰীষ্টমাছ উদযাপনে মুছলমান সম্প্ৰদায়ৰ বিশ্বাসক আঘাত কৰিব পাৰে।
উত্তৰ কোৰিয়া: উত্তৰ কোৰিয়াত যীচুৰ জন্মদিন উপলক্ষে কোনো ছুটি প্ৰদান কৰা নহয়। তেওঁলোকে কেৱল ৰাজনীতিবিদৰ জন্মদিন উপলক্ষে বন্ধ ৰখাৰ সুযোগ পায় আৰু উৎসৱটো উদযাপন কৰিব পাৰে। তাত খ্ৰীষ্টমাছ উদযাপন কৰিব নোৱাৰে।
চৌদি আৰৱ: সেই দেশত সকলো অ-ইছলামিক উৎসৱ উদযাপন কৰাৰ ওপৰত নিষেধাজ্ঞা আছে। ফলস্বৰূপে, খ্ৰীষ্টমাছও বাদ পৰিছে। ২৫ ডিচেম্বৰত তাত কোনো উৎসৱ নাই।
ছোমালিয়াঃ ছোমালিয়াত খ্ৰীষ্টমাছ নহয়, নৱবৰ্ষ উদযাপন কৰিবলৈও নিষেধ কৰা হৈছে। বছৰটোৰ শেষৰ এই সময়ত পৃথিৱীৰ বেছিভাগ দেশত যি ধৰণৰ উৎসৱ পালন কৰা হয় সেয়া ইয়াত অনুষ্ঠিত নহয়।
তাজিকিস্তান: সেই দেশতো খ্ৰীষ্টমাছ উদযাপন কৰা নহয়। খ্ৰীষ্টমাছৰ প্ৰাকমুহূৰ্তত উপহাৰ বিনিময় কৰা বা খ্ৰীষ্টমাছ গছ সজোৱা নিষিদ্ধ। তাত ছাণ্টা ক্ল’জকো ২০১৪ চনৰ পৰা নিষিদ্ধ কৰা হৈছে।