Daily Time Axom

১১ বছৰ বয়সৰ পৰাই পৰ্ণ চোৱা এগৰাকী পৃথিৱী বিখ্যাত সংগীত শিল্পী ! তাৰ পৰিণতি কি হ’ল ?

0 11

তেতিয়া তেওঁৰ বয়স কিমান আছিল, মাত্ৰ এঘাৰ বছৰ। সেই সময়ৰ পৰা, আমেৰিকান গায়ক-গীতিকাৰ বিলি এহিলছে আৰম্ভ কৰিছিল পৰ্ণ চোৱা । তেওঁৰ সেই অভিজ্ঞতা কেনেকুৱা ? ভয়ানক নে মনোৰম? এক ৰেডিঅ’ সাক্ষাৎকাৰত, গ্ৰেমী বঁটা বিজয়ী আলিশে স্পষ্টভাৱে তেওঁৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছিল।

তেওঁ এইবাৰ ২০ বছৰত ভৰি দিছে। বিলিয়ে এটা ৰেডিঅ’ সাক্ষাৎকাৰত কৈছে যে, মই ১১ বছৰ বয়সৰ পৰা বহুত পৰ্ণ চাইছিলো। এই অভিজ্ঞতা দুঃস্বপ্নৰ দৰে ভয়ানক।কিয়নো পৰ্ণ বহুত চোৱা বাবে মোৰ মগজু ধ্বংস হৈ গৈছে।

এটা সময়ত তেওঁৰ বাবে পৰ্ণ অতি আকৰ্ষণীয় যেন লাগিছিল। ফলত তেওঁ প্ৰতিদিনে অধিক আকৰ্ষিত হৈছিল ইয়াৰ প্ৰতি। কিন্তু পিছত তেওঁৰ ভুল ভাঙি গ’ল। প্ৰকৃত অভিজ্ঞতাৰ জৰিয়তে তেওঁ উপলব্ধি কৰিছিল যে তেওঁ কিমান ভুল আছিল। তেওঁ মাককো আসক্তিটোৰ বিষয়ে কৈছিল। এইটো শুনি তেওঁৰ মাকো ‘আতংকিত’ হৈছিল।

দৰাচলতে, বিশেষজ্ঞসকলে কম বয়সতে পৰ্ণ আসক্তিৰ বিষয়ে সতৰ্ক কৰি দিছে। তেওঁলোকৰ মতে, ইয়াৰ ফলত স্বাভাৱিক গোপন জীৱনটো হেৰুৱাব পাৰে। ১৯০ ‌খন দেশত শিশুৰ জীৱন আৰু অধিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কাম কৰা সংগঠন ইউনিচেফৰ মতে,এই আসক্তিয়ে মানসিক স্বাস্থ্য আৰু যৌনতাক প্ৰভাৱিত কৰিব পাৰে। ফলত ই যৌন হিংসাও সৃষ্টি কৰিব পাৰে।

Leave A Reply

Your email address will not be published.