দিল্লীৰ ই ডি কাৰ্যালয়ত ঐশ্বৰ্য ৰায়ক ৫ ঘন্টা জেৰা । পানামা নথিপত্ৰৰ গোচৰত তেওঁক জেৰা কৰা হয় সোমবাৰে । অৱশ্যে, তেওঁক পুনৰ সোধা-পোছৰ বাবে মাতিছে নে নাই জানিব পৰা নাই । ইফালে, সাংসদ জয়া বচ্চনে একেদিনাই ৰাজ্যসভাত জ্বলি উঠিছে। কিয়নো তেওঁক ব্যক্তিগতভাৱে এজন সদস্যই সদনত আক্ৰমণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ সমাজবাদী পাৰ্টিৰ সাংসদ গৰাকীয়ে খঙেৰে দিছে । ব্ৰিটিছ দ্বীপপুঞ্জত তেওঁলোকৰ ধন পানামাৰ এটা বেনামী কোম্পানীত জমা থৈছে । তেওঁ কৰ ফাঁকি দিবলৈ এনে কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে । ই ডিয়ে ঐশ্বৰ্য ৰায়ৰ বিৰুদ্ধে একেটা অভিযোগে আনিছে।
কেন্দ্ৰীয় সংস্থাটোৱে ২০১৭ চনৰ পৰা ইয়াৰ তদন্ত আৰম্ভ কৰিছিল। ই ডিয়ে তেওঁক আগতে দুবাৰ মাতি পঠিয়াইছিল কিন্তু তেওঁ অধিক সময় বিচাৰিছিল।
খবৰ অনুসৰি ইডিয়ে ২০০৪ চনৰ পৰা বিদেশত জমা থকা বচ্চন পৰিয়ালৰ সম্পত্তিৰ হিচাপ বিচাৰি আছে । ঐশ্বৰ্যই যোৱা ১৫ বছৰ ধৰি তেঁওৰ লেনদেনৰ বিষয়ে তথ্য দিছে। ঐশ্বৰ্য পানামা দ্বীপৰ এটা কোম্পানীৰ সঞ্চালক। কোম্পানীটো ২০০৪ চনত গঠন কৰা হৈছিল। অভিনেত্ৰী গৰাকীয়ে ২০০৯ চনত কোম্পানীটো ত্যাগ কৰিছিল।