গণপ্ৰহাৰ বন্ধ কৰাৰ বাবে আইন হ’ব অসমত
অসম চৰকাৰে গণপ্ৰহাৰকলৈ এখন বিধেয়ক উত্থাপন কৰাৰ বাবে চিন্তা-চৰ্চা কৰি আছে ৷ সোমবাৰে অসম সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই এই কথা উল্লেখ কৰে। এনে ঘটনা বন্ধ কৰিবলৈ আইন অনাকলৈ হাজৰিকাই দৃঢ়তাৰে কয় যে এতিয়ালৈকে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা হোৱা নাই, অৱশ্যে চৰকাৰে অতি সোনকালে এনে আইন প্ৰৱৰ্তন কৰাৰ বাবে চিন্তা-চৰ্চা কৰি আছে। তেওঁ লগতে কয়,
“এতিয়ালৈকে, আমি গণপ্ৰহাৰৰ বিৰুদ্ধে কোনো আইন প্ৰণয়ন কৰা নাই কিন্তু আমি ইয়াক প্ৰতিৰোধ কৰিবলৈ পদক্ষেপ ল’ব লাগিব। এনে ধৰণৰ বহুতো ভয়ংকৰ ঘটনাই আমাক জোকাৰি গৈছে,” ।