Daily Time Axom

এফ এম ৰেডিঅ’ৰ দৰে সীমিত হৈ পৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰ ! বন্ধ হ’ব আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ সেৱা ৷

0 13

হয়তো আৰু কিছুদিনৰ পিছতেই বিভিন্ন এফ এম ৰেডিঅ’ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰসাৰৰ পৰিসৰৰ ক্ষেত্ৰত বিশেষ প্ৰাৰ্থক্যই নাথাকিব ৷ ১৯৪৮চনৰ পৰা বিগত ৭৩ বছৰ ধৰি অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়াই আহিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৷ ৰাজ্যৰ নানা ভাষা-ভাষী লোকৰ সাহিত্য সংস্কৃতিৰ সেৱা আগবঢ়াই অহা অগনন শ্ৰোতাৰ হিয়াৰ আমঠু “গুৱাহাটী ৰেডিঅ’চেন্টাৰ” যেন এতিয়া অতীত হোৱাৰ পথত৷

আকাশ বাণী গুৱাহাটী কেন্দ্ৰই বিগত কেইবাদিনো ধৰি ধাৰাবাহিকভাবে সম্প্ৰচাৰ কৰি আহিছে এটা ঘোষণা,
৩১ ডিচেম্বৰৰ পৰা বন্ধ হৈ যাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ ৷ তাৰ পৰিৱৰ্তে ম’বাইল এপত উপলব্ধ হ’ব মিডিয়াম ৱেভৰ সেৱা ৷ যাৰ ফলত –

○অতি ক্ষুদ্ৰ পৰিসৰত বন্দী হৈ পৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সেৱা ৷
আকাশবাণী গুৱাহাটীত এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই বিভিন্নজনে যথেষ্ট উদ্ৰেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ বিৰোধিতা কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এনে হঠকাৰী সিদ্ধান্তৰ ৷

○আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে পৰ্যাক্ৰমে দেশৰ আন ছয়টা কেন্দ্ৰৰো মিডিয়াম ৱেভৰ প্ৰেৰক যন্ত্ৰ বন্ধ হ’ব বুলি নিশ্চিত হৈছে ৷

এই বিষয় লৈ এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি আহিব পৰা সম্ভাব্য ভাবুকিৰ প্ৰতি উদ্বিগ্ন প্ৰকাশ কৰিছে বিভিন্নজনে। আহ্বান জনাইছে আকাশবাণীৰ এই বিশেষ সেৱা বন্ধ কৰাৰ পৰিৱৰ্তে পুনৰ স-পৰিকল্পিতভাবে সু-ব্যৱস্থাপনাৰে পুনৰ মেৰামতি কৰি সেৱা আগবঢ়াই নিবলৈ৷

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৱিষয়াবৰ্গই এই সন্দৰ্ভত বিভিন্ন অজুহাত উলিয়াই সংবাদমাধ্যমক এৰাই চলা পৰিলক্ষিত হৈছে ৷ মেডিয়াম ৱেভৰ ৬ প্ৰেৰক যন্ত্ৰ মেৰামতি কৰি চলাই নিবলৈ বিত্তীয় অচলাৱস্থাৰ বাবেই এই যন্ত্ৰ সমূহ পুনৰ মেৰামতি নকৰি বন্ধ কৰি দিয়াৰ সিধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷

Leave A Reply

Your email address will not be published.