চোতালৰ তুলসী পাত হৈ পৰে বিপদৰ সহায় ৷ তুলসীপাতৰ কি কি গুণাগুণ ৷
বহু ৰোগ নিৰাময় কৰিবলৈ তুলসীপাত ব্যৱহাৰ কৰা হয় ।কিয়নো তুলসীয়ে বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে। যিটো প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰতো উল্লেখ কৰা হৈছে।
প্ৰতিদিনে তুলসী পাত খালে কি লাভালাভ হয় জানক-
✔️তেজ বিশুদ্ধ হয়।
ৰাতিপুৱা খালী পেটত ৩-৪ টা তুলসী পাত খোৱাৰ অভ্যাসে তেজত থকা ক্ষতিকাৰক পদাৰ্থ আৰু বিষাক্ত পদাৰ্থ বোৰ উলিয়াই দিয়ে।
✔️ডায়েবেটিচ নিয়ন্ত্ৰণত সহায় কৰে ।
তুলসী পাত নিয়মীয়াকৈ খোৱাৰ ফলত তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস হয়। একে সময়তে, ইনচুলিন বৃদ্ধি হয়। ফলস্বৰূপে শৰীৰত শৰ্কৰাৰ বৃদ্ধি হোৱাৰ কোনো সম্ভাৱনা নাথাকে । এই পাতে যকৃত আৰু বৃক্কক বিপাকীয় ক্ষতিৰ পৰা সুৰক্ষিত কৰে।
✔️কৰ্কট ৰোগ দূৰত ৰখাত সহায় কৰে ।
তুলসীপাতত থকা ফাইটোনিউট্ৰিয়েণ্টে নিশ্চিত কৰে যে শৰীৰত কৰ্কট কোষ যাতে কোনো ধৰণে জন্ম নহয়।
✔️দৃষ্টি শক্তি উন্নত কৰে
তুলসীৰ একাধিক পুষ্টিৰে সমৃদ্ধ যি দৃষ্টি শক্তি বৃদ্ধি কৰাৰ লগতে চকুৰ ৰোগ; যেনে – ছানি ধৰা আৰু গ্লুকোমা ভাল কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই মেকুলাৰ অৱক্ষয় প্ৰতিহত কৰাত সহায় কৰে।