Daily Time Axom

দুগৰাকী ছাত্ৰীয়ে ফাঁচী দিলে ব্লেকমেইলিং কৰা সহপাঠী ছাত্ৰক

0 13

চেন্নাই আৰক্ষীয়ে দেওবাৰে এখন গাঁৱৰ অৰণ্যৰ পৰা ২০ বছৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ এজনৰ মৃতদেহ ফাঁচী লগা অৱস্থাত উদ্ধাৰ কৰে। তথ্য অনুসৰি, মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰেম কুমাৰে দুজনী ছাত্ৰীক ভাবুকি প্ৰদান কৰি যথেষ্ট ধন লৈছিল । পিছত দুয়োগৰাকী স্কুলীয়া ছাত্ৰীয়ে এজন বন্ধুক নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিবলৈ আহ্বান জনাইছিল। পৰিনতিত তেওঁলোকে সেই বন্ধুজনৰ সহায়ত প্ৰেম কুমাৰক হত্যা কৰিছিল।

আৰক্ষীয়ে অভিযোগটো পোৱাৰ পিছত এটা তদন্ত আৰম্ভ কৰিছে। প্ৰতিবেদন অনুসৰি, প্ৰেম কুমাৰক চেন্নাইৰ ৰেড হিলছলৈ মাতি আনিছিল স্কুলীয়া ছাত্ৰী দুজনীয়ে।
প্ৰাথমিক অনুসন্ধানৰ পিছত, আৰক্ষী সূত্ৰই জনাইছে যে প্ৰেম কুমাৰ দুয়োজনী শিক্ষাৰ্থীৰ সৈতে বন্ধু আছিল। প্ৰেম কুমাৰে কেইমাহমান আগতে তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ কিছুমান ছবি তুলি ধন দাবী কৰি দিনে দিনে ছবিবোৰ লিক কৰাৰ ভাবুকি দিছিল। প্ৰেমে ইতিমধ্যে দুয়োজনী শিক্ষাৰ্থীৰ পৰা ভাবুকি দি প্ৰায় ১.৫ লাখ টকা লৈছিল। সেয়ে অতীষ্ঠ হৈ খঙত দুয়োগৰাকী স্কুলীয়া ছাত্ৰীয়ে প্ৰেম কুমাৰক লগ কৰিবলৈ মাতি ফাঁচী দি হত্যা কৰিছিল। 

Leave A Reply

Your email address will not be published.