পাকিস্তানত প্ৰাচীন বৌদ্ধ মন্দিৰ আৱিষ্কাৰ
২,৩০০ বছৰতকৈও অধিক পুৰণি মন্দিৰ আৰু মূল্যৱান শিল্পকলাৰ আৱিষ্কাৰক লৈ এক আলোড়ন সৃষ্টি হৈছে পাকিস্তানত । পাকিস্তানী আৰু ইটালীৰ পুৰাতত্ত্ববিদসকলৰ এটা যুটীয়া খননকাৰী দলে খনন কাৰ্য চলাই থাকোতে উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ স্বাট জিলাৰ বাজিৰা চহৰ বাৰিকোট তহচিলত এটা বৌদ্ধ মন্দিৰ বিচাৰি পাইছে।
বাজিৰা চহৰৰ উদ্ধাৰ কৰা আৰ্হিবোৰে প্ৰমাণ কৰিছে যে স্বাত অঞ্চলত কমেও ছয়ৰ পৰা সাতটা ধৰ্মৰ পবিত্ৰ স্থান আছিল। বৌদ্ধ স্থাপত্যটো পাকিস্তানৰ তক্ষশীলাত আৱিষ্কৃত পুৰাকীর্তিতকৈও পুৰণি বুলি বিশ্বাস কৰা হৈছে। বৰ্তমান সময়ত এইটো পাকিস্তানত আৱিষ্কৃত আটাইতকৈ পুৰণি বৌদ্ধ স্থাপত্য। মন্দিৰৰ উপৰিও, পুৰাতত্ত্ববিদসকলে ২,৭০০তকৈও অধিক বৌদ্ধ শিল্পকলা উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত আছে গ্ৰীক ৰজা মেনাণ্ডাৰ বা মিলিন্দৰ সময়ৰ খৰোস্থী লিপিৰ মুদ্ৰা, আঙুঠি, পাত্ৰ আৰু লিখনি। ইটালীৰ পুৰাতাত্ত্বিক অভিযানৰ মুৰব্বী ড০ লুকা মাৰিয়া অলিভেৰীয়ে কয়, “বৌদ্ধ স্থাপত্যৰ আৱিষ্কাৰে প্ৰমাণ কৰিছে যে স্বাতত তক্ষশীলাতকৈও পুৰণি পুৰাতাত্ত্বিক ধ্বংসাৱশেষ আছে। ‘ তেওঁ লগতে আশা ব্যক্ত কৰিছে যে ভৱিষ্যতে তাত অধিক পুৰাতাত্বিক শিল্প আৱিষ্কাৰ হ’ব। ইটালীৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু খাইবাৰ পাখতুনখোৱা পুৰাতত্ব বিভাগৰ পিএইচডি শিক্ষাৰ্থীসকলে এই স্থানসমূহত খননকাৰ্য অব্যাহত ৰাখিছে ।