বৰপেটাৰ ৰাষ্ট্ৰীয় ঘাইপথত এদল পুৰুষে অগ্নি সংযোগ কৰিলে এগৰাকী যুৱতীক ৷
এক ভয়ংকৰ ঘটনা ৷ সোমবাৰে অসমৰ বৰপেটা জিলাত এগৰাকী যুৱতীক এদল পুৰুষে জুই লগাই দিয়াৰ এক শিহৰণকাৰী ঘটনা ঘটিছে । এই ভয়ংকৰ ঘটনাটো অসমৰ বৰপেটা জিলাত অৱস্থিত বৰপেটা ৰোডৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয়। বাতৰি অনুসৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকি নদী দলঙত হঠাতে এটা পুৰুষৰ দলে এখন বগা চুইফ্ট ডিজিয়েৰ গাড়ীৰে আহি যুৱতীগৰাকীক জ্বলাই দিয়ে।
স্থানীয় লোকে দলঙখনৰ ওপৰত সংঘটিত ঘটনাটো সন্দৰ্ভত কয় যে দুৰ্বৃত্তসকল ঘটনাস্থলীত উপস্থিত হৈ ছোৱালীজনীক আক্ৰমণ কৰাৰ বাবে নিজৰ বাহনৰ পৰা ওলাই আহিছিল আৰু তাইক জুই লগাই দিছিল।
স্থানীয় লোকসকলে কোনোমতে এজন দুৰ্বৃত্তক ধৰিবলৈ সক্ষম হয় । দলটোৰ আন সদস্যসকলে তেওঁলোকৰ বাহনতে ছোৱালীজনীক লগত লৈ পলাই গৈছিল। স্থানীয় লোকে জনোৱা অনুসৰি তেওঁলোক বঙাইগাঁও অভিমুখে পলাই যায়।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে ছোৱালীজনীক জুই লগোৱাৰ কাৰণ আৰু এনে এক ভয়ংকৰ ঘটনাৰ লগত জড়িত সকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। ঘটনাটোৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।