Daily Time Axom

হায়দৰাবাদত প্ৰথমখন সমকামী বিবাহ সম্পন্ন

0 16

হায়দৰাবাদৰ এহাল সমকামী দম্পতীয়ে শনিবাৰে তেলেংগানাত প্ৰথমখন সমকামী বিবাহ সম্পন্ন কৰিছে। ৩৪ বছৰীয়া অভয় ডাংগে আৰু ৩১ বছৰীয়া সুপ্ৰিয় চক্ৰৱৰ্তীয়ে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত বিবাহ পাশত আৱদ্ধ হয় ৷ বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে আঠ বছৰ ধৰি ডেট কৰিছিল দুয়ো ৷
ভাৰতত, সমকামী দম্পতীয়ে আইনৰ অধীনত বিবাহ পঞ্জীয়ন কৰিব নোৱাৰে, অৱশ্যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাক স্বীকৃতি প্ৰদান কৰিছিল। সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় ডাঙে ১৮ ডিচেম্বৰত এক “প্ৰতিশ্ৰুতিপূৰ্ণ অনুষ্ঠান”ত শপত লৈ আঙুঠি পিন্ধে । হায়দৰাবাদৰ উপকণ্ঠত অনুষ্ঠিত এই অনুষ্ঠানত পাঞ্জাৱী আৰু বাংলা দুয়োটা পৰম্পৰাৰ মিশ্ৰণ দেখা গৈছিল। বিয়াৰ আগতে, তেওঁলোকৰ এটা মেহেন্দি আৰু হালধি অনুষ্ঠান আৰু সংগীত অনুষ্ঠানৰ আয়োজন কৰিছিল।
উল্লেখ্য যে,দম্পতীহালে আঠ বছৰ আগতে এটা ডেটিং এপত প্ৰথম লগ পাইছিল। অভয়ক লগ পোৱাৰ এমাহ পিছত, সুপ্ৰিয়ই তেওঁক তেওঁৰ মাকৰ সৈতে পৰিচয় কৰাই দিছিল। প্ৰথমতে মাক আচৰিত হৈছিল আৰু কথাবোৰ হজম কৰিবলৈ কেইদিনমান সময় লৈছিল। সুপ্ৰিয় চক্ৰৱৰ্তীয়ে কয় যে,
“আমাৰ পিতৃ-মাতৃয়ে আনন্দিত হৈছিল যে আমি তেওঁলোকক আৰম্ভণিৰে পৰা জড়িত কৰিছিলো, আৰু তেওঁলোকে আমাৰ সম্পৰ্কক যথেষ্ট সমৰ্থন কৰি আহিছে,”।
“সমকামী পুৰুষ হিচাপে আমাৰ এই যাত্ৰা বৰ কঠিন নহয়। এবাৰ আপুনি যদি এক বিশেষ লোকৰ সম্পৰ্কলৈ আহে আৰু তেওঁ আপোনাক গ্ৰহণ কৰে, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হয় আৰু কথাটো সহজ হৈ পৰে,” তেওঁ কয়।
অভয়ৰ সৈতে তেওঁৰ বিবাহৰ বিষয়ে উল্লেখ কৰি সুপ্ৰিয়ই কয়, “আজি মোৰ স্বামীৰ সৈতে আমাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজত বহি মই অত্যন্ত অভিভূত অনুভৱ কৰিছো।”

Leave A Reply

Your email address will not be published.