ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ২০২১-২২ বৰ্ষৰ অধিৱেশনৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ডক্টৰেট অৱ মেডিচিন (ডিএম) আৰু মাষ্টাৰ অফ চিৰুগিয়া (এমচিএইচ) পাঠ্যক্ৰমত অনুমোদন জনাইছে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুমোদনক ৰাজ্যখনত চিকিৎসা শিক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত “এক ডাঙৰ মাইলৰ খুঁটি” বুলি অভিহিত কৰিছে।
টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “৭৫ বছৰীয়া এএমচিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ডিএম কাৰ্ডিঅ’লজীত ৩খন আসন আৰু এমচিএইচ পেডিয়াট্ৰিক চাৰ্জাৰীত ২খন আসন প্ৰদান কৰি ২০২১-২২ বৰ্ষৰ বাবে এএমচিত ডিএম আৰু এমচিএইচ পাঠ্যক্ৰমৰ অনুমোদন জনাইছে। ই এটা ডাঙৰ মাইলৰ খুঁটি। আমি চিকিৎসা শিক্ষা শক্তিশালী কৰাৰ বাবে কাম কৰি যাম।”