প্ৰেমিকে চুমা নোখোৱা কাৰণে আৰক্ষীক গোচৰ দিলে প্ৰেমিকাই
প্ৰেম চলি আছে, কিন্তু প্ৰেমিক বা প্ৰেমিকৰ মাজত কেতিয়াও ৰোমান্টিকতাৰ স্পৰ্শ হোৱা নাই ! সেয়ে, প্ৰেমিকাই তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চাপিছে। এই অদ্ভুত ঘটনাটো ইংলেণ্ডৰ লিংকনশ্বায়াৰত সংঘটিত হৈছিল।
প্ৰেমিকজনে কিয় চুম্বন কৰা নাই তাক লৈ প্ৰেমিকা গভীৰভাৱে হতাশাগ্ৰস্ত হৈ লাহে লাহে ই সহনশীলতাৰ সীমা অতিক্ৰম কৰে। ফলত প্ৰেমিকক ‘শাইস্তা’ কৰিবলৈ ৯৯৯ লৈ ফোন কৰে। তাত, ঘটনাটোৰ খবৰ দিয়াৰ লগে লগে আৰক্ষী যুৱতীগৰাকীৰ ওচৰত হাজিৰ হয়। তেওঁলোকে যুৱতীগৰাকীক কয়, “প্ৰেমিকে কিয় চুম্বন নকৰে সেই বিষয়ে আপুনি অভিযোগ কৰিব লাগিব!আৰু এইটো সঁচাকৈয়ে অযৌক্তিক। আৰক্ষীয়ে যুৱতীগৰাকীৰ এই “গুৰুতৰ” বিষয়টোক বিশেষ গুৰুত্ব দিব বিচৰা নাছিল।
এইটোৱে যে প্ৰথম ঘটনা তেনে নহয, এনে অদ্ভুত কাৰণত আৰক্ষীক অভিযোগ দাখিল কৰাৰ উদাহৰণ আৰু আছে। উত্তৰপ্ৰদেশৰ ছিন্দৱাৰাৰ এগৰাকী যুৱতীয়ে প্ৰেমিকে কিয় কথা নাপাতে বুলিও অভিযোগ কৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল। যুৱতীগৰাকীক প্ৰেমিকে জন্মদিনৰ শুভেচ্ছা জনাবলৈ পাহৰি গৈছিল। তাতেই দুয়োৰে মাজৰ সমস্যা আৰম্ভ হৈছিল। তাইৰ প্ৰেমিকে যুৱতীগৰাকীৰ সৈতে কথা পতা বন্ধ কৰিছিল। যুৱতীগৰাকীয়ে অৱশেষত তাইৰ প্ৰেমিকৰ মন গলাবলৈ বাৰে বাৰে চেষ্টা কৰাত ব্যৰ্থ হোৱাৰ পিছত আৰক্ষীৰ কাষ চাপিছিল।