Daily Time Axom

ৰাজধানী দিল্লীত দাৰ্জিলিঙতকৈও বেছি ঠাণ্ডা পৰিছে কিয়?

0 10

উত্তৰ ভাৰতৰ বিস্তীৰ্ণ অঞ্চল এতিয়া ঠাণ্ডাত কঁম্পমান। কাশ্মীৰ, দিল্লী, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশত যোৱা কেইদিনমানত সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ যথেষ্ট তললৈ নামিছে। সোমবাৰে দিল্লীত তাপমাত্ৰা ৩.২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল। এয়া বছৰটোত এতিয়ালৈকে সৰ্বনিম্ন। সোমবাৰে পশ্চিমবংগৰ দাৰ্জিলিঙৰ তাপমাত্ৰা ৩.৫ ডিগ্ৰী চেলচিয়াছ। অৰ্থাৎ দেশৰ ৰাজধানীত দাৰ্জিলিঙতকৈও ঠাণ্ডা।

উত্তৰ ভাৰতৰ ঠাণ্ডা আৰু শীতল বতাহৰ ঢৌ সন্দৰ্ভত বতৰ বিজ্ঞানী আৰ কে জেনামণিয়ে কয়, “বৰ্তমান উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতত শীতল ঢৌ চলি আছে। কাৰণ পশ্চিমৰ পৰা ঠাণ্ডা বতাহ বৈ আছে। সেয়েহে ৰাজস্থানৰ চুৰু, চিকাৰৰ দৰে ঠাইত তাপমাত্ৰা শূন্যৰ তললৈ হ্ৰাস পাইছে। অমৃতসৰ আৰু পঞ্জাৱত পাৰা শূন্য ডিগ্ৰীৰ ওচৰত। কিন্তু তেওঁ কৈছিল যে ২২ ডিচেম্বৰৰ পৰা পৰিস্থিতি অলপ সলনি হ’ব পাৰে। পশ্চিমীয়া ধুমুহাৰ বাবে খ্ৰীষ্টমাছৰ সময়ত নিম্নতম তাপমাত্ৰাও সামান্য বৃদ্ধি হ’ব পাৰে। ইয়াৰ পিছতে ৰাজধানীৰ বাসিন্দাসকলে কিছু সকাহ পাব পাৰে ।

Leave A Reply

Your email address will not be published.