আমোলা-বিষয়াৰ ভুল নীতিৰ বাবে আজি মানসিক চাপ সহিব নোৱাৰি আত্মহত্যা কৰিলে বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকে ৷ শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হৈছে এই অনাকাংখিত ঘটনা ।
Rims app পৰিচালনা কৰাত অসমৰ্থ হোৱাৰ বাবেই চৰম সিধান্ত ল’লে বিদ্যালয়ৰ প্ৰধান শিক্ষকে । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজিৰ পৰা RIMS app ৰ জৰিয়তে অনলাইন উপস্থিতি দিয়াৰ নিৰ্দেশ দিছিল প্ৰাথমিক বিদ্যালয়সমূহক।
ডিমৌৰ লখিমী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কালি প্ৰসাদ চেতিয়াই বিদ্যালয়ৰ শ্ৰেণী কোঠাত ডিঙিত চিপ লৈ আত্মহত্যা কৰে।
উৰ্ধতম কৰ্তৃপক্ষৰ হেঁচা সহিব নোৱাৰি আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধান শিক্ষকজনে। কালি প্ৰসাদ চেতিয়াৰ সহকৰ্মীয়ে জনোৱা মতে সহকৰ্মীসকলক এই বিষয়ে কৈ সদায় দুখ প্ৰকাশ কৰিছিল চেতিয়াই।
উল্লেখযোগ্য যে, ব্যক্তিগত মোবাইলৰে উপস্থিতি দিয়াৰ চৰকাৰী সিধান্তৰ বিৰুদ্ধে ৰাজ্যৰ গৰিষ্ঠ সংখ্যক শিক্ষক সংগঠনে প্ৰতিবাদ কৰি আহিছে ৷ পূৰ্বে এবাৰ শিক্ষক সংস্থা সমূহৰ সিধান্ত মৰ্মে এপচটোত উপস্থিতি দিয়া বন্ধ কৰিছিল শিক্ষক সকলে ৷ কিন্তু আজিৰ পৰা পুনৰ এবাৰ বন্ধ কৰা উপস্থিতি এপচটোত দিয়াটো বাধ্যতামূলক কৰিছিল চৰকাৰে ৷ তাৰ পৰিণতিত প্ৰাণ দিব লগা হ’ল এজন শিক্ষকে ৷