Daily Time Axom

গুপ্তাংগত ২৭৮ টা ছিদ্ৰ, সমগ্ৰ দেহত ৪০০ৰো অধিক ছিদ্ৰ ! গিনিজ বুকত স্থান পালে ব্যক্তিজনে

0 11

৬১ বছৰীয়া ৰোলফ বুখোলজ নামৰ মানুহজনে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছে। কিন্তু এই ব্যক্তিজন কোন? তেওঁৰ গিনিছ ৰেকৰ্ড কি?

জাৰ্মানীত বাস কৰা ৰোলফ নামৰ লোকজনৰ শৰীৰত মুঠ ৪৩৩ টা ছিদ্ৰ আছে। ইয়াৰে প্ৰায় ২৭৮ টা ছিদ্ৰ তেওঁৰ গুপ্তাংগত আছে।

আমাৰ বহুতে এনে লোকৰ বিষয়ে হয়তো শুনিছে যিসকলে বাহ্যিক আঘাতৰ বাবে কোনো বিষ অনুভৱ নকৰে। এই জাৰ্মান লোকজন এনেকুৱা এজন মানুহ।

জাৰ্মানীত বাস কৰা ৬১ বছৰীয়া লোকজনৰ শৰীৰত অজস্ৰ বিন্ধা হৈছে। ৰোফ হৈছে এনে এজন ব্যক্তি যি বিশ্বৰ ভিতৰতে নিজৰ শৰীৰত আটাইতকৈ বেছি বিন্ধা কৰিছে। ৰোফৰ মতে, তেওঁৰ শৰীৰৰ বিভিন্ন অংশত বিন্ধা উলিওৱাটো তেওঁৰ আটাইতকৈ ডাঙৰ চখ। ৰোলফে তেওঁৰ শৰীৰটো ৪৫০ বাৰতকৈও অধিক বিন্ধিছে। শৰীৰৰ বিভিন্ন স্থানত বিন্ধা কৰি ধাতুৰ লাঠি সুমুৱাই থৈছে। আটাইতকৈ আশ্চৰ্যজনক ভাৱে, এই লাঠিৰ বেছিভাগ তেওঁৰ ব্যক্তিগত অংশত ব্যৱহাৰ কৰা হৈছে।
ৰোফে পিয়ৰ্চিঙৰ কাষত টাটু কৰিবলৈ ভাল পায়। তেওঁৰ শৰীৰৰ ৯০ শতাংশ টাটুৰে ভৰি আছে।

পিয়ৰ্চিঙৰ পিছত যৌন জীৱনৰ বিষয়ে সোধা প্ৰশ্নত
ৰোফে কয়, এই বিন্ধাৰ লগত যৌনতাৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁ আৰু তেওঁৰ সংগীয়ে আগৰ দৰেই স্বাভাৱিক যৌন জীৱন যাপন কৰি আছে।

তেওঁৰ উদ্ভট এই চিন্তা কেতিয়া আৰম্ভ হৈছিল বুলি সোধা প্ৰশ্নৰ ৱল্ফৰ উত্তৰত কয়, তেওঁ প্ৰথমবাৰৰ বাবে তেওঁৰ জীৱনত ৪০ বছৰ বয়সত বিন্ধা কৰিছিল শৰীৰত। তেতিয়াৰ পৰা তেওঁ ৰৈ থকা নাই। এতিয়া তেওঁৰ গোটেই শৰীৰটো টাটুৰে ভৰি আছে আৰু বিন্ধা কৰি থোৱা হৈছে।

উল্লেখ্য যে, এই অদ্ভুত মানুহজনে টেলিকম উদ্যোগত কাম কৰে। ৰোফৰ মতে, তেওঁৰ হাতত থকা হাতৰ তলুৱাৰ টাটুটোৱে তেওঁক আটাইতকৈ বেছি আঘাত কৰিছিল। সেই টাটুটোৰ কাৰণে সাধাৰণ জীৱনধাৰাও বহুত সলনি হৈছে।

Leave A Reply

Your email address will not be published.