বিজেপিমুখী ৰহাৰ শশীকান্ত ৷ কংগ্ৰেছত বৃহৎ খহনীয়া আৰম্ভ ৷

বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে ৷ শশীকান্তই বিজেপিত যোগদানৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্থিতি স্পষ্ট কৰাৰ পিছত এতিয়া ৰহা কংগ্ৰেছত বৃহৎ খহনীয়াআৰম্ভ হৈছে । ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস বিজেপিমুখী হোৱাৰ পিচতে ৰহা বিজেপিত যোগদানৰ জোৱাৰ উঠিছে। খহিছে কংগ্ৰেছৰ ভেটি।

বৃহস্পতিবাৰে ৰহাৰ থেকেৰাগুৰিত অনুষ্ঠিত এক যোগদান সভাত ৰহা সমষ্টিৰ চহৰী আৰু দীঘলীআটি মণ্ডল কংগ্ৰেছৰ প্ৰায় দ্বিশতাধিক নেতা-কৰ্মী, বিষয়ববীয়া তথা কংগ্ৰেছৰ সদস্যসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ৰহাৰ চহৰী আৰু দীঘলীআটি মণ্ডলত কংগ্ৰেছৰ ভেটি উছন হ’ল বুলি দাবী বিজেপিত যোগদানকাৰী কংগ্ৰেছীৰ । পৰৱৰ্তী সময়ত কংগ্ৰেছে মণ্ডল দুটাত কি দৰে সাংগঠনিক ভেটি গঢ়ি তুলিব সেয়া হ’ব লক্ষণীয়। বৃহস্পতিবাৰৰ এই যোগদান অনুষ্ঠানত বিজেপিৰ নগাওঁ জিলাৰ সভাপতি জয়ন্ত নাথ, উপ সভাপতি সুবৰ্ণ সিং, ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাস, গুণেশ্বৰ দাস, তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰং প্ৰমুখ্যে বিজেপিৰ স্থানীয় নেতাসকল উপস্থিত থাকে।

Comments (0)
Add Comment