Daily Time Axom

পাকিস্তানৰ সৈতে তালিবানৰ সংঘাত আৰম্ভ ৷ ২৬০০ কিঃ মিঃ সীমান্তত পাকিস্তানী সেনাৰ অৱস্থান

0 7

আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিচতে নিজৰ প্ৰকৃত ৰূপ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে তালিবানে । সন্ত্ৰাসবাদী সংগঠন তালিবানক পৰম বন্ধু বুলি গণ্য কৰি অহা পাকিস্তানে সন্মুখীন হৈছে বিপদৰ । পাক-আফগানৰ ডুৰান্দ ৰেখাক মানি ল’বলৈ অস্বিকাৰ কৰিছে টালিবানে ।
বুধবাৰে ডুৰান্দ সীমাত থকা কাটাতাঁ‌ৰৰ বেৰ ধ্বংস কৰি পেলাই তালিবান সৈনিকে । উল্লেখ্য যে , ২৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডুৰান্দ লাইনে পখটুন জনজাতিৰ লোক সকলক দুভাগত বিভক্ত কৰিছে । সন্ত্ৰাসবাদী তালিবান সংগঠনত পখটুন জনজাতীয় লোকসকলৰ আধিপত্য অধিক বাবে আফগানিস্থানত তালিবানৰ শাসন ওভতি অহাৰ পিচতে ডুৰান্দ লাইনৰ বিষয়টোৱে পুনৰ গুৰুত্ব লাভ কৰিছে ।

ইতিমধ্যে পাকিস্তানী সেনাই ২৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমাত অৱস্থান গ্ৰহণ কৰিছে । পাকিস্তান সেনাৰ এই কাৰ্য্যত খড়গহস্ত হৈ উঠিছে তালিবান । পাকিস্তানৰ এই কাৰ্য্যক অবৈধ আখ্যা দি ৰণচালি ধৰিছে তালিবানে ।

Leave A Reply

Your email address will not be published.