মই ৰাতি সপোন দেখো , ৰাতিপুৱা সেই সপোন কাৰ্যকৰী কৰো… বিধানসভাত কিয় ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
মই ৰাতি সপোন দেখো, ৰাতিপুৱা সেই সপোন কাৰ্যকৰী কৰো । সেই সপোনে অসম আকাশ চুব । মই সপোন দেখিমেই আৰু সেই সপোনক মই কাৰ্যকৰী কৰিমেই । লাহে লাহে হ’লেও কৰিম , এটা এটা কৈ কৰিম । বৃহস্পতিবাৰে অসম বিধানসভাত শীতকালিন অধিবেশনৰ চতুৰ্থ দিনটোত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
গো-সুৰক্ষা আইনৰ ওপৰত বিধানসভাত অনুষ্ঠিত চৰ্চাত আইনখনৰ সংশোধনৰ সম্পৰ্কত বিভিন্ন প্ৰশ্নৰ উত্তৰ দাঙি ধৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । গো-ধনৰ আন্তঃজিলা সৰবৰাহৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ ওপৰতো মন্তব্য মুখ্যমন্ত্ৰী । চিকিৎসা প্ৰদান বাবে গো-ধনৰ আন্তঃজিলা সৰবৰাহৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ । খীৰতি গাইৰ ক্ষেত্ৰত আন্তঃজিলাৰ বাবে আন্তঃৰাজ্যলৈ সৰবৰাহৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ । গো-ধনৰ ওপৰত হোৱা হিংসাত্মক কাৰ্য কোনোপধ্যে মানি লোৱা নহ’ব বুলি কৈ অসমক কঠোৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰ কথা দোহাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । গৰুৰ চোৰাংকৈ কঢ়িয়াই অনা বাহন জব্দ হ’লে , বাহন খন বিক্ৰী কৰি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে গো- সুৰক্ষা আইনত । আইনখনৰ প্ৰতিটো সংশোধনত আইনখন আৰু অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।