Daily Time Axom

Context জানিবলৈ শ্ৰেণীত শিক্ষা লোৱাৰ প্ৰয়োজন; বিধান সভাত বিধায়ক অখিল গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ

0 8

অসম বিধানসভাৰ শীতকালিন অধিবেশনত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল গো-সুৰক্ষা আইনৰ সংশোধনী ওপৰত হোৱা চৰ্চা । গো- সুৰক্ষা আইনখনত গ্ৰহণ কৰা বিশেষ সংশোধনীৰ সম্পৰ্কত নিজৰ বক্তব্য আগবঢ়াই আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে তীব্ৰ বিৰোধীতা কৰি যাব বুলি কথাষাৰ বুজাবলৈ গৈ জিভা পিচল খালে মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰী কয়, চৰকাৰ গৰু against ত ।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভুলক্ৰমে কৈ দিয়া শব্দটোক লৈ মুখ্যমন্ত্ৰীক ওভতি ধৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈৱে । অখিল গগৈৰ প্ৰশ্ন , মুখ্যমন্ত্ৰী গৰুৰ against ত মানে মুখ্যমন্ত্ৰী কৃষকৰো against ত নেকি ?
অখিল গগৈৰ এনে মন্তব্য ক্ষুণ্ণ হৈ উঠে মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ উত্তৰ; “Context বা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে । কি বিষয়ৰ ওপৰত সদনত চৰ্চা চলিছে সেয়া জানি লোৱাটো প্ৰয়োজন ।” বিধায়ক অখিল গগৈক কটাক্ষ , “স্কুল কলেজত Context , refference শিক্ষা দিয়া হয় । শ্ৰেণীত উপস্থিত থাকিলে ছাত্ৰই Context , refference ৰ বিষয়ে জানে । কিন্ত শ্ৰেণীত উপস্থিত নথকা ছাত্ৰই এই শব্দ সমুহৰ বিষয়ে নাজানিব । তেঁও শ্ৰেণীত উপস্থিত আছিল নে নাছিল মই নাজানো ৷”
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিচতে হাঁ‌হিৰ ৰোল উঠে বিধানসভা কক্ষত ।

Leave A Reply

Your email address will not be published.