শুকুৰবাৰে অসম বিধানসভাৰ শীতকালিন অধিবেশনৰ অন্তিম দিনা বিধানসভা“ত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।
অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিধান সভা অধিবেশনৰ সময়ত উপস্থিত হয় লোকসভাৰ অধ্যক্ষগৰাকী । লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আদৰণি জনায় বিধানসভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীয়ে । আদৰণি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই ।
বিধানসভাক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় , অসম বিধানসভাৰ এক গৌৰৱ উজ্জল ইতিহাস আছে । ভাষণ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী , সংবিধান নিৰ্মাতা সকলক সোঁৱৰণ লোকসভাৰ অধ্যক্ষগৰাকীৰ । লগতে অসমৰ সংস্কৃতিক এক বিশেষ মাত্ৰা প্ৰদান কৰা আৰু মুম্বাইৰ সংগীত জগতত এক সুকীয়া পৰিচয় ডাঙি ধৰা ডঃ ভুপেন হাজৰিকা সশ্ৰদ্ধ সোঁৱৰণ জনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ।
লোকতান্ত্ৰিক প্ৰমুল্যবোধ অটুট ৰাখি শাসন চলাই যাবলৈ চৰকাৰ তথা বিৰোধীক আহব্বান অধ্যক্ষ ওম বিৰলা । শাসন আহে আৰু যায় , শাসনৰ পৰিবৰ্তন হোৱাটো এক পৰম্পৰা । সেয়ে নিৰ্বাচিত প্ৰতিনিধি সকলে লোকতন্ত্ৰক শক্তিশালী ৰুপ দিয়াৰ উদ্দেশ্যে কাৰ্য কৰাটো উচিত । জনতাৰ সমস্যা , জনতাৰ আশা আকাংক্ষাক বিধানসভাত ডাঙি ধৰিব লাগে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় ,আমাৰ নীতি আদৰ্শ ভিন্ন হব পাৰে , আমি প্ৰতিনিধিত্ব কৰা দলৰ নিৰ্বাচনী ঘোষণা পত্ৰ ভিন্ন হব পাৰে , তথাপি কিন্ত আমাৰ এটাই উদ্দেশ্য হোৱা উচিত । সেই উদ্দেশ্য হ’ল জনতাৰ কল্যাণ , ৰাজ্যৰ বিকাশ ।