Daily Time Axom

’নিয়োগ মেলা’ৰ নামত চৰকাৰক বদনামী কৰিলে কোনে ? নিয়োগ মেলাৰ চাতুৰ্যপূৰ্ণ বিজ্ঞাপনত আশাহত নিৱনুৱা ৷ পেলাই থোৱা বায়’ডাটাৰ দায়িত্ব ল’ব কোনে ?

0 9

“কোম্পানীৰ চাকৰি নালাগে লাহৰী
নালাগে তালাপৰ ধন…”

কোম্পানীৰ চাকৰি নালাগে বুলি এসময়ত এইদৰেই গাইছিল আত্মনিৰ্ভৰশীল অসমীয়া লোকজীৱনে ৷ এতিয়া আৰু কোম্পানীৰ চাকৰি নালাগে বুলি আমি ক’ব নোৱাৰো ৷ কোৱা উচিতো নহ’ব ৷ কিন্ত এতিয়াও সৰহসংখ্যক লোকৰ প্ৰথম পচন্দ চৰকাৰী চাকৰি ৷ চৰকাৰেও সময়ে সময়ে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷

শেহতীয়া অসম চৰকাৰৰ বিজ্ঞাপন, বহুল প্ৰচাৰ চাকৰি মেলাৰ ৷ লৈ আহিব লাগিব দুখন বায়’ডাটা ৷ ৰাজ্যৰ লাখ লাখ নিৱনুৱাই ভাবি ল’লে চৰকাৰে দিয়া বিজ্ঞাপন যেতিয়া চৰকাৰী চাকৰিয়েই হ’ব ৷ কাৰণ বিজ্ঞাপনটোত নাছিল কোনো স্পষ্ট উল্লেখ ৷ সেয়ে এটা চৰকাৰী চাকৰিৰ আশাত বৃহস্পতিবাৰে চৰকাৰৰ ‘নিয়োগ মেলা’ত পুৱাৰে পৰা ভিৰ কৰিলেহি ৰাজ্যৰ হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীয়ে ৷

প্ৰতিটো কেন্দ্ৰতে হাজাৰ হাজাৰ নিবনুৱাৰ শাৰী ৷ মেলাথলীত উপস্থিত হৈহে ভুল ভাগিল চাকৰি প্ৰত্যাশী সকলৰ ৷ চৰকাৰী নহয় বেচৰকাৰী খণ্ডত খালী হোৱা পদৰ বাবেহে বায়’ডাটা গ্ৰহণ কৰা হৈছে নিয়োগ মেলাত ৷ নিয়োগ মেলাত নাই কোনো ব্যৱস্থাপনা ৷ বায়’ডাটাবোৰ লৈ সংলগ্ন ছবিৰ দৰে পেলাই ৰখা হৈছে ৷ এইবোৰ কেৱল বায়’ডাটা নহয় ৷ জীৱনক লালন কৰাৰ সপোনৰ পৃষ্ঠা এইবোৰ ৷ প্ৰায় প্ৰতিটো মেলা কেন্দ্ৰত দেখা গ’ল একেই ছবি ৷

নিয়োগ মেলাক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰি ঘৰমুখী হ’ল হাজাৰ হাজাৰ যুৱক-যুৱতী । নিয়োগ মেলাৰ জড়িয়তে চাকৰি দিয়াৰ নামত নিবনুৱাসকলক হাৰাশাস্তি কৰাৰহে অভিযোগ উঠিল । অৱশেষত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি খঙে অভিমানে ঘৰমুৱা হ’ল সকলো চাকৰি প্ৰত্যাশী ৷ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত চাৰিওফালৰপৰা চাকৰি মেলাক লৈ কম সময়তে বিয়পি পৰিল কঠোৰ সমালোচনা, শ্লেষ ৷

এতিয়া স্বাভাৱিকতে প্ৰশ্ন হ’ল,
চাকৰি মেলাৰ ’এটা অস্পষ্ট’ বিজ্ঞাপন দি ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ ওচৰত চৰকাৰক হেয় কৰিলে কোনে ? এক হতাশাজনক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে দায়িত্ব ল’ব কোনে ? আমোলা, কোনো মন্ত্ৰী নাইবা কোনো পৰামৰ্শদাতাই? কোনে পৰিকল্পনা কৰি ৰূপায়ণ কৰিছিল এই ফ্লপ শ্ব’ৰ?

চাকৰি দিম বুলি মেলা পাতিছে আদৰণীয় কথা ৷ ব্যক্তিগত খণ্ডতো কিছু সংখ্যকৰ সংস্থাপন হ’ব ৷ কিন্তু আমাৰ সৰহসংখ্যকৰ মাজত ’জব মেলা’ৰ কোনো সম্যক ধাৰণাই নাই ৷ এই কথা আমোলা-বিষয়াই বুজা উচিত ৷ চাতুৰ্যপূৰ্ণ বিজ্ঞাপনেৰে হাজাৰ হাজাৰ ল’ৰা-ছোৱালীক এনেদৰে কিয় আশাহত কৰিলে?

কোনে ইয়াৰ দায়িত্ব ল’ব ?

লগতে আন কিছু প্ৰশ্ন উত্থাপিত হৈছে-

জব মেলালৈ অহা যুৱক-যুৱতী সকলে বায়’ডাটাত নিজৰ সকলো তথ্য সন্নিৱিষ্ট কৰিছে ৷ নিজৰ ঠিকনা , ফটো , ফোন নম্বৰ , ই-মেইল, আধাৰ নম্বৰ , ঘৰৰ সকলো বিতং তথ্য পৰম বিশ্বাসেৰে জমা দিছিল ৷ আশা এটা সংস্থাপন হ’ব ৷ কিন্ত বাস্তৱত তেওঁলোকৰ বায়’ডাটা আনৰ ভৰিৰ তলত পৰি থাকিল মাটিয়ে-বালিয়ে ৷

এতিয়া জব মেলাই এই নিৱনুৱা সকলৰ মনত হতাশা আৰু চৰকাৰৰ প্ৰতি বিৰূপ ভাৱ আনিলে তাক কোনে মূৰ পাতি ল’ব?

আটাইতকৈ স্পৰ্শকাতৰ কথাটো হৈছে নিৱনুৱা সকলৰ বায়’ডাটাৰ তথ্য সমূহ যদি চুৰি কৰি অসাধু কৰ্মত কোনোবাই ব্যৱহাৰ কৰে তেন্তে তাৰ দায়িত্ব কোনে ল’ব ?

Leave A Reply

Your email address will not be published.