তেওঁ পঞ্চায়তপ্ৰধান পদৰ বাবে মনোনয়ন দাখিল কৰিছিল। তেওঁৰ প্ৰচাৰ অভিযানত কোনো ধৰণৰ অৱকাশ ৰখা নাছিল। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁ এনেদৰে যুঁজত হাৰিব।
বিশ্বাস কৰক, প্ৰাৰ্থীজনে ১০০, ২০০ বা ১০০০ ভোট নহয় কেৱল মাত্ৰ এটা ভোটহে পাইছিল, আৰু সেয়াই নহয়, আনৰি তেওঁৰ পত্নীয়ে নহয় পৰিয়ালৰ ১২ জন সদস্যৰ এজনেও তেওঁক ভোট দিয়া নাছিল। গুজৰাটৰ বাপী জিলাত সংঘটিত হৈছে এই ঘটনা।
সন্তোষ, বাপী জিলাৰ চাৰৱালা গাঁৱৰ বাসিন্দা। তেওঁ পঞ্চায়তপ্ৰধান পদৰ বাবে মনোনয়ন দাখিল কৰিছিল। বৃহৎ ব্যৱধানত জিকিব বুলি আশাও কৰি আছিল। কিন্তু তেওঁৰ গাওঁ, চুবুৰীয়া, বন্ধুবৰ্গ আৰু আনকি তেওঁৰ পৰিয়ালেও তেওঁক হতাশ কৰিছিল। গুজৰাট ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে ৬,৪৮১ খন গ্ৰাম পঞ্চায়তৰ ফলাফল ঘোষণা কৰে। যেতিয়া ফলাফল ওলাল, সন্তোষে দেখিলে যে তেওঁ মাত্ৰ এটা ভোট পাইছে, যিটো তেওঁৰ নিজৰ। ভোটৰ ফলাফলৰ বিষয়ে গম পোৱাৰ পিছত তেওঁ গণনা কেন্দ্ৰৰ সন্মুখত হুকহুকাই কান্দোনত ভাগি পৰিছিল। কিন্তু তেওঁ এটা ভোট লাভেৰে এটা ইতিহাস ৰৈছিলে।