Daily Time Axom

ইউৰোপত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ ৷ কেৱল পোলেণ্ডতে এদিনত ৭৭৬ জনৰ ক’ভিডত মৃত্যু ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সকিয়নি

0 15

কেইবাখনো ইউৰোপীয় দেশত সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি হোৱা আৰম্ভ হৈছে। চুইডেন, নৰৱে, পোলেণ্ড আদি বহুতো দেশত ক’ভিডে আতংকৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে পোলেণ্ডত ৭৭৬ জনৰ ক’ভিডত মৃত্যু ঘটিছে ৷ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বুষ্টাৰ পালি লোৱাৰ কথা ঘোষণা কৰিছে বহু ইউৰোপীয় দেশে ৷ অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ আধানম ঘেব্ৰেইচাছে কৈছে যে বুষ্টাৰ পালি গ্ৰহণ কৰিলেই কেৱল ওমিক্ৰনৰ পৰা সুৰক্ষা নাপায়।
আগত নতুন বছৰ। আৰু সেয়েহে WHOৰ মুৰব্বীয়ে কৈছে যে, ‘বুষ্টাৰ পালি দি এখন দেশ ৰক্ষা কৰা হ’ব বুলি ভবাটো ভুল। বুষ্টাৰ পালিৰ অৰ্থ পৰিচ্ছন্নতা পাহৰি যোৱা নহয়। ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষজ্ঞ পৰামৰ্শদাতাসকলৰ এক প্ৰতিবেদন উপস্থাপন কৰি WHOৰ প্ৰধানে কয় যে, টিকাকৰণৰ মুখ্য লক্ষ্য হ’ব লাগে গুৰুতৰ ৰোগ আৰু মৃত্যু প্ৰতিৰোধ কৰা। বিশ্বত প্ৰতিদিনে দিয়া কৰোনা টিকাকৰণৰ সংখ্যাৰ ভিতৰত, ২০ শতাংশ অতিৰিক্ত পালি বা বুষ্টাৰ পালি হিচাপে দিয়া হয়। ই অনাগত দিনবোৰত পৃথিৱীত ভেকছিনৰ বৈষম্য আৰু বৃদ্ধি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে আৰু কয়, “এনে বুষ্টাৰ টিকাকৰণ কাৰ্যসূচীয়ে শেষ হোৱাৰ সলনি পাণ্ডামিক দীঘলীয়া কৰিব। যিবোৰ দেশত জনসংখ্যাৰ এক বৃহৎ অংশই ইতিমধ্যে কৰোনা টিকাকৰণ প্ৰাপ্ত কৰিছে, আৰু অধিক ভেকছিন প্ৰদান কৰা হ’ব, যাৰ ফলত ভাইৰাছটোৰ বিস্তাৰত অধিক বাধা প্ৰদান কৰা হ’ব। পশ্চিমীয়া দেশবোৰত প্ৰাপ্তবয়স্কসকলক বুষ্টাৰ পালি দিয়া হৈছে, কিন্তু এনে বহুতো দেশ আছে য’ত মুঠ জনসংখ্যাৰ আধালোকেও এতিয়াও কৰোনা টিকাকৰণ লোৱা নাই। হু প্ৰধানে কয়, “যিসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰ কৰোনা সংক্ৰমণত মৃত্যু হৈছে তেওঁলোকৰ বেছিভাগেই টিকাকৰণ নকৰা।
হুৱে এতিয়া স্বাস্থ্য কৰ্মীসকলৰ বাবে নিৰ্দেশনা সলনি কৰিছে। নতুন নিৰ্দেশনাৱলীত কোৱা হৈছে যে যিসকলে ওমিক্রনৰ সংস্পৰ্শত আছে বা সন্দেহযুক্ত ভুক্তভোগীসকলে মাস্ক পিন্ধিব লাগিব। য’ত বতাহ চলাচল কম হয় তাত এন-৯৫, এফএফপি-২ মুখা পিন্ধিব লাগিব।

Leave A Reply

Your email address will not be published.