Daily Time Axom

ইৰানত মিছাইল বিৰোধী প্ৰণালী টি-৭২ ব্যৱহাৰ

0 9

ইৰাণে ইতিমধ্যে মিছাইল প্ৰতিৰোধৰ বাবে এক কাৰ্যকৰী প্ৰণালী বিকশিত কৰিছে। মিছাইল বিৰোধী প্ৰণালীটো টি-72এম টেংকৰ সৈতে সংযোগ কৰি ব্যৱহাৰ কৰা হ’ব। ই এই টেংকবোৰক যিকোনো মিছাইল আক্ৰমণ কৰাত বাধা দিব।
ইৰাণৰ দক্ষিণ অংশৰ তিনিখন প্ৰদেশত সাগৰ আৰু ভূমিত সামৰিক অনুশীলনৰ তৃতীয় দিনা মিছাইল বিৰোধী প্ৰণালীৰ কথা ঘোষণা কৰা হয়।

ইৰানৰ সংবাদ সংস্থা এফএআৰএছে প্ৰকাশ কৰিছে যে মিছাইল বিৰোধী প্ৰণালীটো পৰীক্ষা কৰা হৈছে। এতিয়া ইয়াক টেংকৰ সৈতে সংযোজিত কৰা হ’ব। এই প্ৰতিৰক্ষা প্ৰণালীয়ে যিকোনো মিছাইল বা মিছাইলৰ আভ্যন্তৰীণ প্ৰণালীক অসমৰ্থ কৰি তুলিব পাৰিব। ই সকলো মিছাইল আক্ৰমণ প্ৰতিহত কৰিব।
ইৰানৰ ৰিভলিউচনৰী গাৰ্ডৰ স্থল বাহিনীৰ মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ পাকপুৰৰ মতে, ইৰাণৰ টেংকৰ মূল কামানৰ দূৰত্বৰ সীমা তিনি কিলোমিটাৰ। দূৰৱৰ্তী লক্ষ্যত (মিছাইল) নিশাৰ সময়তো সঠিকভাৱে আঘাত আৰু আক্ৰমণ কৰিব পাৰি।

ইফালে, ইৰানৰ বিপ্লৱী গাৰ্ড নৌসেনাৰ মুৰব্বী আলিৰেজা টাংচিৰিয়ে কয় যে সামৰিক অনুশীলনত ইৰাণত নিৰ্মিত অস্ত্ৰ আৰু সামৰিক সঁজুলিসমূহ ব্যৱহাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.