Daily Time Axom

ওমিক্ৰণৰ আতংক ! উত্তৰ প্ৰদেশত ২৫ ডিচেম্বৰৰ পৰা সান্ধ্য আইন

0 12

দেশজুৰি লাহে লাহে বাঢ়িছে ওমিক্ৰণৰ আতংক ৷
ওমিক্ৰণৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ জাৰি কৰা হৈছে সান্ধ্য আইন । সতৰ্কতামুলক ব্যৱস্থা হিচাপে ২৫ ডিচেম্বৰৰ নিশাৰ পৰা জাৰি কৰা হৈছে এই সান্ধ্য আইন । নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হৈছে এই সান্ধ্য আইন ।
উত্তৰ প্ৰদেশৰ পুৰ্বে মধ্য প্ৰদেশেও জাৰি কৰিছিল সান্ধ্য আইন । বিভিন্ন ৰাজ্যত ওমিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাকলৈ চিন্তিত হৈ উঠিছে স্বাস্থ্য মন্ত্ৰালয় তথা সংশ্লিষ্ট ৰাজ্য সমুহ । খৱৰ অনুসৰি আগন্তুক দিন কেইটাত আৰু বহু কেইখন ৰাজ্যই নৈশ সান্ধ্য আইন জাৰি কৰাৰ সম্ভাৱনা আছে ।

Leave A Reply

Your email address will not be published.