Daily Time Axom

গুৱাহাটীত ৮ কোটি টকা ব্যয়েৰে ৮বিঘা ভূমিত অটল উদ্যা

0 8

গুৱাহাটী মহানগৰীক সৌন্দৰ্যময় চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰে গুৱাহাটীৰ আদাবাৰীত শুকুৰবাৰে জি এম ডি এৰ দ্বাৰা স্থাপিত অটল উদ্যান উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুঠ ৮ কোটি ৭৪ লাখ টকা ব্যয়েৰে নিৰ্মিত উদ্যানখনে ৮ বিঘা এলেকা সামৰি লৈছে। উদ্যানখনত ২৫০জনীয়া আসনযুক্ত এম্ফিথিয়েটাৰ, ধ্যান ভৱন, মুকলি ব্যায়ামাগাৰ, শিশুৰ খেলা-ধূলাৰ সুবিধাকে ধৰি বহু সুবিধা উপলব্ধ কৰা হৈছে। এই অনুষ্ঠানৰ লগতে গুৱাহাটীৰ ১৫খন উদ্যান পৰিচালনা সমিতিক বিত্তীয় সাহায্যৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণা, হেঙেৰাবাৰীত নিৰ্মাণ কৰা উদ্যানখনো শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব আৰু ২০২৩ চনৰ ভিতৰত ফাঁচীবজাৰ পুৰণি কাৰাগাৰ চৌহদৰ উদ্ভিদ উদ্যান মুকলি কৰা হ’ব। ইয়াৰে সৈতে গুৱাহাটীত ৫খন ডাঙৰ উদ্যান নিৰ্মাণ হৈ উঠিব।

Leave A Reply

Your email address will not be published.