Daily Time Axom

নতুনকৈ প্ৰেমত পৰিছে নেকি সুস্মিতা সেন? ১৫ বছৰ সৰু প্ৰেমিকক বিদায় সুস্মিতাৰ

0 11

অৱশেষত গুঞ্জনটো সঁচা হ’ল। বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনে তেওঁতকৈ ১৫ বছৰ সৰু প্ৰেমিক ৰোমান শালৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰিছে। তেওঁলোকৰ বিচ্ছেদৰ খবৰ কিছুদিনৰ পৰা ছছিয়েল মিডিয়াত ঘূৰি আছে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা স্বীকাৰ কৰিছে। প্ৰাক্তন মিছ ইউনিভাৰ্ছ গৰাকীয়ে ৰোমানৰ সৈতে ফটো শ্বেয়াৰ কৰি তাইৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছে।

৪৬ বছৰীয়া সুস্মিতাই ৰোমানৰ সৈতে এখন ছেলফি পোষ্ট কৰি শিৰোনাম দিছিল ‘আমি বন্ধু হিচাপে আৰম্ভ কৰিছিলো। মই এতিয়াও বন্ধু। সম্পৰ্কটো দীঘলীয়া সময় ধৰি চলিছিল… প্ৰেম এতিয়াও আছে।’

সুস্মিতা আৰু ৰোমানৰ মাজত বয়সৰ পাৰ্থক্য হৈছে ১৫ বছৰ। বহুতে আগতে এই বিষয়ে আঙুলি তুলিছিল। কিন্তু তেওঁ গুৰুত্ব নিদিছিল । আনকি বিয়াৰ বিষয়ে সোধাত দুয়োজনে কৈছিল, “সঠিক সময়ত সকলোকে জনাব।” অৱশ্যে, জানিব পৰা গৈছে যে কেইবাদিনো ধৰি সৰু-সুৰা সমস্যাবোৰক লৈ তিক্ততা বৃদ্ধি পাই আহিছে বাবেই সুস্মিতাই পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। ৰোমানে ইতিমধ্যে সুস্মিতাৰ কথাত তাইৰ ঘৰ এৰিছে।

Leave A Reply

Your email address will not be published.