Daily Time Axom

২০০ কোটি টকাৰ দুৰ্নীতিত লিপ্ত নেকি নোৰা ফাতেহী; ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা ৷

0 11

বলীউডৰ জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফতেহিৰ নাম ২০০ কোটি টকাৰ দুৰ্নীতিৰ গোচৰত ‘ঠগ’ সুকেশ চন্দ্ৰশেখৰ গোচৰত সাঙুৰ খাইছে । প্ৰাপ্ত তথ্য মতে, নোৰা ফাতেহী সুকেশ গোচৰত চৰকাৰৰ সাক্ষী হ’ব। আনহাতে, জানিব পৰা মতে সুকেশে জেকলিনৰ সৈতে বন্ধুত্ব স্থাপনৰ বাবে গৃহ মন্ত্ৰীৰ কাৰ্যালয়ৰ নম্বৰৰ দৰে এটা নম্বৰৰ পৰা ভুৱা কল কৰিছিল।

ঠগ সুকেশ চন্দ্ৰশেখৰৰ সৈতে বলীউডৰ সম্পৰ্কক লৈ চৰ্চা বাঢ়ি আহিছে। ইতিমধ্যে অভিযোগ কৰা হৈছে যে গ্ৰেপ্তাৰ কৰা ব্যৱসায়ীজনে কেৱল বলীউডৰ নায়িকা জেকলিন ফাৰ্ণাণ্ডেজৰ স’তে পৰিচয় হ’বলৈ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছিল। একেদৰে উৰাবাতৰিও উলাইছে যে সুকেশে বলীউডৰ আন ১২ গৰাকী অভিনেত্ৰীৰ সৈতে ধনৰ লেনদেন কৰিব বিচাৰিছিল। তাৰ ভিতৰত নোৰা ফাতেহীৰ নাম প্ৰথম শুনা গৈছে। নোৰাক আগতে জেকলিনৰ দৰে প্ৰশ্নৰ বাবে মাতি অনা হৈছিল। ইতিমধ্যে জানিব পৰা গৈছে যে নোৰাক বিলাসী গাড়ীৰ পৰা দামী হীৰাৰ গহনা বা বেগো উপহাৰ দিছিল সুকেশে।

Leave A Reply

Your email address will not be published.