আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন । বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ মাজত দেখা গৈছে ব্যপক উছাহ-উদ্দীপনা । সমগ্ৰ বিশ্ব তথা অসমৰ লগতে নাজিৰাৰ মইনাটিং নগা গাওঁ বাপ্টিষ্ট চাৰ্চত পূৰ্বৰ তুলনাত এইবাৰো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বৰদিন । দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ আৰু নাজিৰাৰ মইনাটিং নগা গাওঁ বাপ্টিষ্ট চাৰ্চ, হাড় কিনাৰ বাপটিষ্ট চাৰ্চ, লক্ষ্মীজান বাপটিষ্ট চাৰ্চ, বামুনপুখুৰী বাপটিষ্ট চাৰ্চ, টিফুক গীৰ্জাঘৰতো বৰদিন অনুষ্টুপীয়া ভাৱে আয়োজন কৰা হৈছে । আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ কৰে প্ৰাৰ্থনা । অনাড়ম্বৰ ভাৱে বিভিন্নৰঙী আলোকসজ্জাৰে নাজিৰাৰ গীৰ্জাসমূহ সজাই তোলাৰ লগতে কেক কাটি আজিৰ দিনটোত কেৰলৰ ধব্বনিৰে মুখৰিত হৈছে গীৰ্জাসমূহ । ইফালে মইনাটিং নগা গাওঁ বাপটিষ্ট চাৰ্চত নাজিৰা নগৰৰ বাপুজী পথৰ নিবাসী চৈয়দা আৰিফা হক উপস্থিত হৈ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোককে জনালে বৰদিনৰ শুভেচ্ছা । আনহাতে মইনাটিং নগা গাওঁ বাপ্টিষ্ট চাৰ্চত ১০০০ টকা অনুদান আগবঢ়োৱাৰ লগতে প্ৰতিমাহে মহিলা গৰাকীয়ে উক্ত গীৰ্জালৈ ৫০০ টকাকৈ প্ৰভুৰ নামত অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।