বিগ বি আৰু শিল্পা ছেট্টীয়ে অনুগামীক জনালে খ্ৰীষ্টমাছৰ শুভেচ্ছা
জিংগেল বেল, জিংগেল বেল সংগীতৰ তাল আৰু চকু চাত মাৰি ধৰা আলোকসজ্জাৰে সমগ্ৰ বিশ্বত খ্ৰীষ্টমাছক আদৰাৰ প্ৰস্তুতি চলিছে । পিচ পৰি থকা নাই মুম্বাই ফিল্ম ইণ্ড্ৰাষ্ট্ৰীয়ো । বলিউডৰ তাৰকা সকলে দেশবাসী তথা অনুগামীক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাবলৈ লৈছে বিশেষ পদক্ষেপ ।
ছান্টা ক্লজৰ বিশেষ সাজসজ্জাৰ ৰঙা পোচাক , ৰঙা টুপি , বগা দাড়ি ,হাতত বগা মোজা পিন্ধা ফটো টুইটাৰত আপলোড কৰি দেশবাসীক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালে বিগ বি অমিতাভ বচ্চনে ।
খ্ৰীষ্টমাছ ট্ৰীৰ সন্মুখত বহি হাতত উপহাৰৰ টোপোলা , মুৰত ছান্টা ক্লজৰ ৰঙা টুপি পিন্ধি যোগাসন কৰি থকাৰ ফটো শ্বেয়াৰ কৰি অনুগামীক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালে মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীয়ে ।
অভিনেত্ৰী প্ৰীতি জিন্টাই এক ভিডিঅ’ৰ জৰিয়তে দেশবাসীক শুভেচ্ছা জনালে খ্ৰীষ্টমাছৰ । আনহাতে অভিনেত্ৰী কৰীণা কাপুৰে দুই পুত্ৰ আৰু স্বামী অভিনেতা চেইফ আলী খানৰ সৈতে উঠা একপি ফটোৰে দেশবাসীক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালে । ৭০- ৮০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী নীতু সিঙে পুত্ৰ অভিনেতা ৰণধীৰ কাপুৰৰ সৈতে এটা ভিডিঅ’ৰ যোগেৰে দেশবাসীক শুভেচ্ছা জনালে খ্ৰীষ্টমাছৰ ।