Daily Time Axom

সন্তান জন্ম দিলে ২৬ লাখ টকা ঋণৰ নতুন আঁচনি

0 10

স্থানীয় প্ৰশাসনে দম্পতীসকলক সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈকে চীনৰ জিলিন প্ৰদেশত বিশেষ ঋণ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। প্ৰদেশখনত নৱজাতকৰ জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত, কৰ্তৃপক্ষই এই সিদ্ধান্তটো লৈছে।

দম্পতীসকলক বিবাহ বহিবলৈ আৰু তাৰ পিছত সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈ, জিলিন প্ৰদেশ চৰকাৰে ২০০,০০০ য়েন বা ৩১,৪০০ ডলাৰ ঋণ দিয়াৰ পৰিকল্পনা কৰিছে।
কিন্তু প্ৰাদেশিক চৰকাৰে কেনেকৈ ঋণ সহায় আগবঢ়াব সেই বিষয়ে বৰ্ণনা কৰা নাছিল। প্ৰস্তাৱটোত ঋণৰ বাবে সূতৰ হাৰ উল্লেখ কৰা হৈছে। সূতৰ হাৰ দম্পতীৰ সন্তানৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব।
ইয়াৰ আগতে, চীনৰ উত্তৰ-পশ্চিম শানচি প্ৰদেশৰ দম্পতীসকলক সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈ দৰমহাৰ সৈতে ১ বছৰৰ মাতৃত্বকালীন ছুটি দিয়াৰ পৰিকল্পনা কৰিছিল চৰকাৰে।
চীন হৈছে বিশ্বৰ আটাইতকৈ জনবহুল দেশ। দেশখনত এতিয়া বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাইছে । সেয়েহে দেশখনে ২০১৬ চনত দীৰ্ঘম্যাদী এক সন্তান নীতিৰ প্ৰত্যাহাৰ কৰি দুই সন্তানৰ নীতি ঘোষণা কৰিছে। কিন্তু তাৰ পাছতো দেশখনত জন্মৰ হাৰ হ্ৰাস পাইছে। ফলস্বৰূপে, এই বছৰৰ মে’ মাহত, চীনা চৰকাৰে বিবাহিত দম্পতীসকলক ৩ টা সন্তান জন্ম দিবলৈ অনুমোদন জনাইছিল।

Leave A Reply

Your email address will not be published.