আকৌ উৰন্ত কফিন মিগ-২১ দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ গ’ল পাইলটৰ
আকৌ মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাত পতিত হৈ প্ৰাণ গ’ল এজন সদক্ষ পাইলটৰ ৷ ৰাজস্থানৰ জয়ছালমেৰত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ দূৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাটোত উইং কামাণ্ডাৰ হৰ্ষিত সিনহাৰ মৃত্যু হয় । শুক্ৰবাৰে নিয়মীয়া প্ৰশিক্ষণৰ সময়ত ৰাজস্থানৰ জয়সলমেৰত নিশা প্ৰায় ৮.৩০ বজাত যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
নিশা প্ৰায় ১০ বজাত ভাৰতীয় বায়ু সেনাই দুৰ্ঘটনাটোৰ খবৰ লাভ কৰিছিল। উইং কামাণ্ডাৰ হৰ্ষিত সিনহাৰ মৃত্যুৰ কথা তেতিয়া নিশা প্ৰায় ১০.৪৫ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। তেতিয়া ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইট যোগে উইং কামাণ্ডাৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি লিখিছে, “উইং কামাণ্ডাৰ হৰ্ষিত সিনহাৰ মৃত্যুৰ কথা শুনি আচৰিত হৈছো। পশ্চিম খণ্ডত উৰা মাৰি থাকোতে MiG-21 দুৰ্ঘটনাত পতিত হয়। মোৰ সমবেদনা তেওঁৰ পৰিয়ালৰ সৈতে আছে। ‘খবৰ অনুসৰি যুঁজাৰু বিমানখন চেম আৰক্ষী থানাৰ অন্তৰ্গত মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যুঁজাৰু বিমানখনক প্ৰায়ে ‘উৰন্ত কফিন’ বুলি কোৱা হয় কিয়নো ই প্ৰায়ে দুৰ্ঘটনাগ্ৰস্ত হৈ আহিছে । কেইদিনমান আগতে, ভাৰতৰ চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ MI-17 কুনুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তাত তেওঁৰ পত্নীকে ধৰি সকলো ১৩ জন লোকৰ মৃত্যু হৈছিল। খবৰ অনুসৰি মিগ বিমানখন ১৯৭১ চনৰ এপ্ৰিলৰ পৰা ২০১২ চনৰ এপ্ৰিললৈ ৪৮২ টা দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। এতিয়ালৈকে বিমানখনত মুঠ ১৭১ জন পাইলট, ৩৯ জন অসামৰিক লোক, আঠজন পৰিচাৰক আৰু এজন এয়াৰমেনে প্ৰাণ হেৰুৱাইছে।
