ওমিক্ৰণৰ সংক্ৰমণ ! আজি বৰদিনৰ ৰাতিৰ পৰাই উত্তৰ প্ৰদেশত নৈশ কাৰ্ফিউ
ওমিক্ৰণৰ আতংকই দেশত সৃষ্টি কৰা শংকাৰ মাজতে বৰদিনৰ ৰাতিৰ পৰাই উত্তৰ প্ৰদেশত নৈশ কাৰ্ফিউ জাৰি কৰা হৈছে । অহা বছৰ অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচন ৷ ইতিমধ্যেই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছিল ৷ তাৰ মাজতে মধ্য প্ৰদেশৰ পিছত উত্তৰ প্ৰদেশতো ক’ৰোনাৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে ৷
ওমিক্রনৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইচে । ইতিমধ্যেই দেশতক’ৰোনাৰ এই নতুন ভেৰিয়েন্টত আক্রান্ত হৈছে ৩৫৮ জন। দেশৰ ১৭ খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত ইতিমধ্যেই ওমিক্রনৰ সংক্ৰমণ পোৱা গৈছে । এই ওমিক্রন মাজতেই সংক্ৰমণ প্ৰতিৰোধৰ বাবে নাইট কাৰ্ফিউ বলৱৎ কৰিলে উত্তৰ প্ৰমেশ চৰকাৰে ৷ আজি ২৫ ডিচেম্বৰ শনিবাৰৰ পৰা উত্তৰ প্রদেশত নাইট নৈশ কাৰ্ফিউ জাৰি কৰা হৈছে ৷ ৰাতি ১১ বজাৰ পৰা পুৱা ৫ বজালৈ চলিব এই নৈশ কাৰ্ফিউ ৷
কোনো অনুষ্ঠান বা বিয়াত ২০০ জনৰ বেছি সমবেত হ’ব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি ৰাজ্যখনত ৷
লগতে৷ বিবাহ অনুষ্ঠানত প্ৰয়োজনীয় সকলো কোভিড বিধি পালন কৰিৱ লাগিব বুলি উততৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশনা ৷
যোগী আদিত্য নাথ চৰকাৰে দোকানী আৰু ক্ৰেতাই মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে ৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ ঘোষণা, বিদেশ আৰু দেশা আন ৰাজ্যৰ পৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰা লোক সকলে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক ৷ বাছ টাৰ্মিনাছ আৰু ৰে’ল ষ্টেচন সমূহত ৱিশেষ সতৰ্কতা জাৰি কৰিছে যোগী চৰকাৰে ৷
উত্তৰ প্ৰদেশ চৰকাৰে পূৰ্বৰ ক’ভিডৰ ঢৌ সমূহৰ সময়তো এনে আগতীয়া সতৰ্কতা অৱলম্বন কৰা দেখা লোৱা হোৱা নাছিল ৷ ৰাজ্যখনৰ এনে সতৰ্কতাই স্বাভাৱিকতে ক’ভিডৰ নতুন ভেৰিয়েন্ট ওমিক্ৰনক লৈ আন ৰাজ্যবোৰতো উদ্বেগ সৃষ্টি কৰিছে ৷