Daily Time Axom

দক্ষিণলৈ যাত্ৰা বলিউডৰ আবেদনময়ী নাৰ্গিছৰ

0 7

নাৰ্গিছ ফাখৰীয়ে ‘ৰকষ্টাৰ’ত ৰণবীৰ কাপুৰৰ বিপৰীতে অভিনয় কৰিছিল।তেতিয়াই অভিনেত্ৰীগৰাকী বলীউডত জনপ্ৰিয় হৈছিল। তাৰপাছত নাৰ্গিছক কেইবাখনো চলচ্চিত্ৰত দেখা গৈছিল। কিন্তু তেওঁ নিজকে ইমান চৰ্চালৈ আনিব নোৱাৰিলে। তেওঁ যোৱা বছৰ ‘টাৰ্বাজ’ত অভিনয় কৰিছিল।
নাৰ্গিছে বলীউডৰ বাহিৰেও তামিল চলচ্চিত্ৰত অতিথি চৰিত্ৰত অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে এইবাৰ তেলেগুত অভিনয় কৰিবলৈ সাজু হৈছে। ছবিখনৰ শিৰোনাম হৈছে ‘হৰি হৰা বীৰা মল্লু’। চলচ্চিত্ৰখন ঐতিহাসিক প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছে।নাৰ্গিছক ছবিখনত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ চুপাৰষ্টাৰ পৱন কল্যাণৰ বিপৰীতে দেখা যাব। ছবিখন পৰিচালনা কৰিছে কৃষ জাগেৰলামুৰীয়ে। ছবিখনত নাৰ্গিছক জাহানাৰাৰ চৰিত্ৰত দেখা যাব। অভিনেত্ৰীগৰাকীয়ে ভাৰতীয় সংবাদ মাধ্যমক কয়, ‘মই দক্ষিণৰ চলচ্চিত্ৰত অভিনয় কৰিবলৈ বাট চাই আছো। এইটো মোৰ বাবে সম্পূৰ্ণ নতুন। মই প্ৰত্যাহ্বান গ্ৰহণ কৰি আৰু নতুন অভিজ্ঞতা লাভ কৰিবলৈ ভাল পাওঁ। মই পৱন কল্যাণ আৰু কৃষৰ সৈতে কাম কৰিবলৈ বাট চাই আছো। ‘

Leave A Reply

Your email address will not be published.