নতুন ক’ডিড SOP ঘোষণা ৰাজ্য চৰকাৰৰ; কাইলৈৰ পৰা ৰাজ্যজুৰি নৈশ সান্ধ্য আইন ৷ মন্ত্ৰী কেশৱ মহন্তৰ সংবাদ মেল
ক’ভিডক লৈ পুনৰ সতৰ্ক হৈছে ৰাজ্য চৰকাৰ ৷ কাইলৈৰ পৰা বলৱৎ হ’ব নৈশ সান্ধ্য আইন ৷ কলিয়াবৰত এক সংবাদমেলত নতুন SOP ঘোষণা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তৰ ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এএছডিএমএ) গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলৰ বাবে আজি এক সংশোধিত নিৰ্দেশনা জাৰি কৰিছে ৷ পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ২৬ ডিচেম্বৰৰ পুৱা ৬ বজালৈ কাৰ্যকৰী হৈ থাকিব এই বিধি।
১. ৰাজ্যজুৰি নিশাৰ কাৰ্ফিউ ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ হ’ব। অৱশ্যে, এই কাৰ্ফিউ ৩১ ডিচেম্বৰ, ২০২১ তাৰিখে প্ৰযোজ্য নহ’ব।
২. সকলো কৰ্মস্থান, ব্যৱসায়/বাণিজ্যিক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল, ধাবা আৰু অন্যান্য ভোজনালয়ত ভোজন, ৰেষ্টুৰেণ্ট/ধাবা আৰু অন্যান্য ভোজনালয়ৰ পৰা খাদ্য সামগ্ৰী লোৱা, বিক্ৰী কাউণ্টাৰ খোলা, শীতল ভঁৰাল আৰু গুদাম, সামগ্ৰী, ফল আৰু পাচলি, দুগ্ধজাত সামগ্ৰী আৰু গাখীৰ বুথৰ সৈতে লেনদেন কৰা দোকানবোৰ নিশা ১০.৩০ বজালৈ খুলিব পাৰিব।
৩. সভা,সমিতি আৰু জনসমাগমৰ বাবে মুকলি স্থানৰ সন্দৰ্ভত, নিজ নিজ জিলাৰ কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সমাৱেশৰ সীমা কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব। বন্ধ স্থানৰ সন্দৰ্ভত, হল, প্ৰেক্ষাগৃহ আদিত বহিবলৈ ৫০% লৈকে সমাৱেশৰ অনুমতি দিয়া হ’ব ।
৪. ধৰ্মীয় স্থানঃ ধৰ্মীয় স্থানৰ বাবে প্ৰতি ঘণ্টাত ৬০ জন সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তি আৰু অন্যান্য ধৰ্মীয় স্থানৰ বাবে প্ৰতি ঘণ্টাত ৪০ জন সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিৰ সৈতে ধৰ্মীয় স্থানবোৰ চলাবলৈ অনুমতি দিয়া হয়।
৫. সম্পূৰ্ণ টিকাকৰণ কৰা দৰ্শকৰ ৫০%হে কোভিড-১৯ উপযুক্ত আচৰণ পালন কৰি চিনেমা হলত প্ৰৱেশ কৰিব পাৰিব।
৬. ওমিক্ৰনৰ নিৰ্দিষ্ট নিয়মৰ বাবে, সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, আৰু সংশ্লিষ্ট আন সকলো কৰ্তৃপক্ষই কোভিড-১৯ ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে সকলো ৰাজহুৱা স্থানত কোভিড উপযুক্ত আচৰণ মানি চলিব লাগিব।
৭. সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষকে নিশ্চিত কৰিব লাগিব যে উপৰোক্ত স্থানবোৰ পৰিদৰ্শন কৰা লোকসকলে কঠোৰভাৱে কোভিড বিধি অনুসৰণ কৰিছে নে নাই। তেওঁলোকে ৰাজহুৱা স্থানত পৰ্যাপ্ত সতৰ্কতা অৱলম্বন কৰাৰ বাবে আৰু কোভিড উপযুক্ত আচৰণ প্ৰয়োগ কৰাৰ বাবে পৰ্যাপ্ত সংখ্যক আৰক্ষী মোতায়েন কৰিব যাতে কোভিড-১৯ ৰ বৃদ্ধি হোৱাৰ কোনো সম্ভাৱনা নাথাকে।
৮. এই ব্যৱস্থাসমূহ উলংঘা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ অধীনত আইনী ব্যৱস্থা আৰু প্ৰয়োজন অনুসৰি অন্যান্য আইনী ব্যৱস্থাৰ গ্ৰহণ কৰা হ’ব।
৯. ৰাজহুৱা স্থানত মুখা নিপিন্ধা বা থু পেলোৱা যিকোনো ব্যক্তিক ১০০০/- টকাৰ জৰিমনা বিহা হ’ব।