পঞ্জাৱৰ লুধিয়ানা বিস্ফোৰণৰ নতুন তথ্য ৷ বিস্ফোৰণত নিহত হ’ল বোমা সংস্থাপনকাৰী ৷
বৃহস্পতিবাৰে পঞ্জাৱৰ লুধিয়ানা আদালতত সংঘটিত বিস্ফোৰণৰ ঘটনা ন ন তথ্য লাভ কৰিছে আৰক্ষীয়ে । বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনাটোত এগৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছিল ৫ গৰাকী লোক । আৰক্ষীৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছিল , বিস্ফোৰণত নিহত লোকগৰাকীয়ে আদালত চৌহদত বোমা স্থাপন কৰিছিল । পঞ্জাৱ আৰক্ষীয়ে ফৰেন্সিক প্ৰতিবেদনৰ আধাৰত প্ৰকাশ কৰিছে যে এই বিস্ফোৰণত দুই কিলো আৰ ডি এক্স ব্যৱহাৰ কৰিছিল দুস্কৃতিকাৰীয়ে । আৰক্ষীৰ ভাষ্য অনুসৰি , বিস্ফোৰণৰ ঘটনাত জড়িত পঞ্জাৱ আৰক্ষীৰ নিলম্বিত হেড কনিষ্টবল গগনদ্বীপৰ খান্না অঞ্চলত থকা বাসগৃহত বৃহস্পতিবাৰে নিশা তালাচী চলাইছিল আৰক্ষীয়ে । আৰক্ষীয়ে অভিযানকালত জব্দ কৰে গগনদ্বীপৰ মবাইল ফোন আৰু লেপটপ । উল্লেখ্য যে আদালত বোমা স্থাপনৰ সময়তে বিস্ফোৰণ সংঘটিত হৈছিল আৰু সেই বিস্ফোৰণতে নিহত হৈছিল গগনদ্বীপ ।