সংলগ্ন দেহৰ যমজ ভাতৃ চোহনা আৰু মোহনাই চৰকাৰী চাকৰি পালে, কোন এওঁলোক
সংলগ্ন দেহৰ যমজ ভাতৃ চোহনা আৰু মোহনাই চৰকাৰী চাকৰি পালে। তেওঁলোকে যোৱা বুধবাৰে পঞ্জাৱ প্ৰদেশৰ ৰাজধানী অমৃতসৰত পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ (পিএছপিচিএল) এটা উপকেন্দ্ৰত যোগদান কৰিছে। তেওঁলোকে প্ৰথমে প্ৰতি মাহে ২০০০০ টকা দৰমহা পাব। চোহনা আৰু মোহনাই আইটিআইৰ পৰা ডিপ্লোমা কৰিছিল। তেওঁলোকৰ বয়স এতিয়া ১৯ বছৰ। এতিয়া তেওঁলোক অমৃতসৰত বাস কৰে। তেওঁলোকৰ সৰুৰে পৰাই নিজৰ ভৰিত থিয় দিয়াৰ তীব্ৰ ইচ্ছা আছিল। তেওঁলোক চৰকাৰী সেৱাত প্ৰৱেশৰ জৰিয়তে সেই ইচ্ছা পূৰণ হৈছে । চোহনা আৰু মোহনাইও প্ৰমাণ কৰিলে যে শাৰীৰিক অক্ষমতা সফলতাৰ বাধা হ’ব নোৱাৰে।
পিএছপিচিএলৰ বিষয়াসকলে সদৰি কৰে যে যমজ ভাতৃ চোহনা আৰু মোহনাই যোগান নিয়ন্ত্ৰণ কক্ষত কাম কৰিব।
চোহনা আৰু মোহনাই মন্তব্য, তেওঁলোকে চাকৰি প্ৰদান কৰাৰ বাবে পঞ্জাৱ চৰকাৰৰ ওচৰত কৃতজ্ঞ। চোহনাই লগতে কয়, “আমি সৰ্বোচ্চ আন্তৰিকতা আৰু উৎসাহেৰে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিম। উল্লেখ্য যে, ‘২০০৩ চনৰ ১৪ জুনত নতুন দিল্লীৰ এখন চিকিৎসালয়ত চোহনা আৰু মোহনাৰ জন্ম হৈছিল। ল’ৰাবোৰৰ শাৰীৰিক অৱস্থা দেখি মাক দেউতাকে তেওঁলোকক এৰি থৈ গৈছিল। তেওঁলোকক পিছত পৃথক কৰিবলৈ দিল্লীৰ এআইএমএছত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকসকলে পৃথক নকৰাৰ সিদ্ধান্ত লৈছিল কিয়নো সেই অস্ত্ৰোপচাৰত জীৱনৰ আশংকা আছিল। তেতিয়াৰ পৰা তেওঁলোকে একেলগে বাস কৰি আহিছে। তেওঁলোকৰ দুটা হৃদযন্ত্ৰ, দুযোৰ হাত, দুটা মুৰ, দুটা বৃক্ক আৰু দুডাল মেৰুদণ্ড আছে। কিন্তু যকৃত আৰু পিত্তথলী এটা, দুখন ভৰি।